অসম

assam

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বঙাইগাঁৱত টেট শিক্ষকৰ সংবাদমেল

প্ৰতিশ্ৰুতি অনুসৰি এই পৰ্যন্ত টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া নকৰাৰ অভিযোগত সোমবাৰে বঙাইগাঁৱত এখন সংবাদমেল সম্বোধন কৰে ঠিকা ভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সকলে ৷ শিক্ষকসকলে অতি শীঘ্ৰই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় চৰকাৰক ৷

By

Published : Aug 5, 2020, 5:32 PM IST

Published : Aug 5, 2020, 5:32 PM IST

Updated : Aug 5, 2020, 6:00 PM IST

টেট শিক্ষকৰ সংবাদমেল
টেট শিক্ষকৰ সংবাদমেল

বঙাইগাঁও, 5 আগষ্ট:শেষ হোৱাৰ পথত বিজেপি চৰকাৰৰ কাৰ্যকাল ৷ কিন্তু প্ৰতিশ্ৰুতি অনুসৰি এই পৰ্যন্ত টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া নকৰিলে চৰকাৰে ৷ এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বঙাইগাঁও জিলা সমিতিয়ে ৷ টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে কেন্দ্ৰীয় সমিটিৰ নিৰ্দেশমৰ্মে বুধবাৰে, বঙাইগাঁও প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এখন সংবাদংমেল সম্বোধন কৰে ৷ বেতন সুৰক্ষাসহ অতি শীঘ্ৰেই যেন তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰে তাৰ বাবে দাবী জনায় টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষক সকলে ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বঙাইগাঁৱত টেট শিক্ষকৰ সংবাদমেল

2016 চনৰ নিৰ্বাচনৰ সময়ত বিজেপি দল শাসনলৈ আহিলে প্ৰথমখন বৈঠকতে টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেয়ে তেওঁলোকে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কৰা এই প্ৰতিশ্ৰুতি পুৰণৰ বাবে সংবাদমেলযোগে চৰকাৰৈ অনুৰোধ জনায় ৷ ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে টেট উত্তীৰ্ণ শিক্ষকৰ অৱসৰৰ বয়স ৬০ বছৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে যদিও, এতিয়া শিক্ষকসকলক নতুনকৈ সংশ্লিষ্ট এচ এম চিৰ সৈতে চুক্তি কৰিবলগীয়া কাৰ্যই শিক্ষক সকলৰ ভৱিষ্যত অনিশ্চতালৈ ঠেলি দিয়া বুলিও অভিযোগ কৰে তেওঁলোকে ৷ শিক্ষকসকলে সংবাদমেলযোগে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নোহোৱালৈ কোনো চুক্তি স্বাক্ষৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক:চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী পাঁচ শতাধিক হাইস্কুল ফিক্সড পে শিক্ষক

Last Updated : Aug 5, 2020, 6:00 PM IST

ABOUT THE AUTHOR

...view details