জনীয়া,13 ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য তথা সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ ৩৪ নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আব্দুল কৰিম বানিয়াই শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে ।
আব্দুল হাই নাগৰিয়ে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই: আব্দুল কৰিম বানিয়া - ভাৰতীয় জাতীয় কংগ্ৰেছ
বিধায়ক আব্দুল হাই নাগৰিয়ে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই । যদি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তেওঁ টিকট লাভ কৰে তেন্তে সমষ্টিৰ দৰিদ্ৰতা, ৰাস্তা-ঘাট, খহনীয়া সমস্যা, যুৱক-যুৱতীৰ কৰ্মসংস্থাপন আদি কৰি যিমান সমস্যা আছে, সকলো চৰকাৰৰ আগত উত্থাপন কৰি সমাধান কৰিব ৷ সংবাদমেলৰ জৰিয়তে এই মন্তব্য প্ৰকাশ কংগ্ৰেছৰ টিকট প্ৰত্যাশী আব্দুল কৰিম বানিয়াৰ ।
বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আব্দুল কৰিম বানিয়াৰ সংবাদ মেল
সংবাদমেলত তেওঁ উল্লেখ কৰে যে, বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰিয়ে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই । যদি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তেওঁ টিকট লাভ কৰে তেন্তে সমষ্টিৰ দৰিদ্ৰতা, ৰাস্তা-ঘাট, খহনীয়া সমস্যা, যুৱক-যুৱতীৰ কৰ্মসংস্থাপন আদি কৰি যিমান সমস্যা আছে, সকলো চৰকাৰৰ আগত উত্থাপন কৰি সমাধান কৰিব ৷ সংবাদমেলত এই কথা প্ৰকাশ কৰে সমাগত নিৰ্বাচনৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী আব্দুল কৰিম বানিয়াই ।
লগতে পঢ়কঃলাইকা-দধিয়াবাসীক সংস্থাপন: চিন্তিত ৰাইজ