অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ মাণিকপুৰত পোষণ মেলাৰ আয়োজন - গৰ্ভৱতী মহিলা

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । বঙাইগাঁও জিলাৰ গৰাইমাৰী অংগনৱাড়ী কেন্দ্ৰৰ লগতে গৰাইমাৰী উপ-স্বাস্থ্য কেন্দ্ৰৰ সহযোগত পোষণ মাহ উপলক্ষ্যে বিশেষ সজাগতা সভা ।

poshan mela
বঙাইগাঁৱৰ মাণিকপুৰত পোষণ মেলাৰ আয়োজন

By

Published : Sep 14, 2021, 8:44 PM IST

বঙাইগাঁও,১৪ ছেপ্টেম্বৰ :সমগ্ৰ ৰাজ্যতে পোষণ মাহ (Posha Month) পালন কৰা হৈছে । বঙাইগাঁও জিলাৰ মাণিকপুৰতো সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা ৫ নং চক্ৰৰ সৌজন্যত ১৭৮ নং গৰাইমাৰী অংগনৱাড়ী কেন্দ্ৰৰ লগতে গৰাইমাৰী উপ স্বাস্থ্য কেন্দ্ৰৰ সহযোগত পোষণ মাহ ২০২১ পালন কৰা হয় । পোষণ মাহ উপলক্ষে গৰাইমাৰী প্ৰাথমিক বিদ্যালয়ত পোষণ মেলা অনুষ্ঠিত হয় ।

বঙাইগাঁৱৰ মাণিকপুৰত পোষণ মেলাৰ আয়োজন

এই পোষণ মেলাৰ লগত সংগতি ৰাখি এক সজাগতা সভাৰো আয়োজন কৰা হয় । পোষণ মেলাত সাধাৰণভাৱে আহৰণ কৰিব পৰা নানা ধৰণৰ পুষ্টিকৰ খাদ্য বস্তু প্ৰদৰ্শিত কৰা হয় । ১ বছৰৰ পৰা ৫ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ উচ্চতা, ওজন আৰু শাৰীৰিক গঠন কেনেকুৱা হ'ব লাগে আৰু তাৰ বাবে কি কি ভিটামিন আৰু প্ৰ'টিনৰ প্ৰয়োজন হয় সেই সম্পৰ্কে সজাগতা সভাত বিতংভাৱে বক্তব্য ৰাখে মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ধীৰাজ তালুকদাৰে ।

ইয়াৰোপৰি সমগ্ৰ অসমতে পোষণ মাহৰ সজাগতাৰ বাবে প্ৰচাৰ চলোৱা অত্যাধুনিক কাৰিকৰিৰে সজ্জিত বাছৰ ভিতৰত কাৰিকৰিৰ প্ৰশিক্ষণ দিয়া হয় । ১ ছেপ্টেম্বৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পোষণ মাহ আৰু মাতৃ বন্দনা দ্বিতীয় সপ্তাহৰ শুভ উদ্বোধন কৰে মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই ।

উল্লেখ্য যে, গৰ্ভৱতী মহিলা আৰু শিশুসকলে যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পোষণ মাহত সকলোৱে নিজ নিজ অঞ্চলত সজাগতা সভাৰ আয়োজন কৰি এখন সুস্থ সমাজ গঢ় দিয়াত গুৰুত্ব দিছে । লগতে এই সজাগতামূলক কাৰ্যসূচীয়ে শাৰীৰিক, মানসিকৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বিষয়াসকলে ।

এই মেলাতেই কি ধৰণে কেঁচুৱাক অন্নপ্ৰাশন কৰিব লাগে সেই দৃশ্যও প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত অংগনৱাড়ী কৰ্মীসকল, চুপাৰভাইজাৰ, গৰ্ভৱতী মহিলাৰ লগতে গৰাইমাৰী অঞ্চলৰ বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

ABOUT THE AUTHOR

...view details