অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ এগৰাকী বৃদ্ধা মহিলাৰ কৰণ জীৱন গাঁথা

বঙাইগাঁও জিলাৰ এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ জীৱন গাঁথা ৷ চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত মহিলাগৰাকী ৷ চৰকাৰ তথা হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰিছে মহিলাগৰাকীয়ে ৷

poor-woman-in-bongaigaon
বঙাইগাঁৱৰ এগৰাকী বৃদ্ধা মহিলাৰ কৰণ জীৱন গাঁথা

By

Published : Jan 6, 2021, 3:32 PM IST

চিৰাং, 6 জানুৱাৰী :চৰকাৰী সকলো সাহাৰ্য্যৰ পৰা বঞ্চিত বঙাইগাঁও জিলাৰ এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ কাহিনী ৷ নিশা ঘৰৰ চালেৰে গণিব পাৰি আকাশৰ তৰা ৷ এটা ভঙা-ছিঙা জুপুৰি ঘৰ ৷ য’ত বসবাস কৰে সুফলা সিংহ নামৰ এগৰাকী অবিবাহিতা বয়সস্থ মহিলাই ৷

বঙাইগাঁৱৰ এগৰাকী বৃদ্ধা মহিলাৰ কৰণ জীৱন গাঁথা

হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে মহিলাগৰাকীয়ে ৷ ঘৰ বুলিবলৈ একো নাই ৷ ৰ'দ-বৰষুণ তথা পুহমহীয়া ঠাণ্ডাকো নেওচি দুৰ্ভগীয়া মহিলাগৰাকী জৰাজীৰ্ণ ঘৰটোতে বসবাস কৰি আহিছে ৷

মহিলা গৰাকীৰ বাসগৃহৰ দৃশ্য
মহিলা গৰাকীৰ বাসগৃহৰ দৃশ্য

মহিলাগৰাকীৰ ঘৰ উত্তৰ শালমাৰা উজানপাৰা দ্বিতীয় খণ্ডত ৷ মহিলাগৰাকীয়ে আজিলৈ পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ পৰা আৱাসগৃহ । লাভ কৰা নাই খোৱাপানীৰ পৰ্যাপ্ত সুবিধা ৷ চৰকাৰী আঁচনিৰ কোনো সুবিধাই লাভ কৰা নাই মহিলাগৰাকীয়ে । যাৰবাবে চৰকাৰ তথা হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰিছে মহিলাগৰাকীয়ে ৷

মহিলা গৰাকীৰ বাসগৃহৰ দৃশ্য

লগতে পঢ়ক :ক’ভিডৰ ভয়াৱহতাৰ বাবে স্থগিত গ্ৰেমী এৱাৰ্ড 2021

ABOUT THE AUTHOR

...view details