বঙাইগাঁও, 31 জুলাই:উন্নয়নৰ শ্ল’গানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ দিনতে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ, সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ এটা পথে এতিয়া বাৰুকৈয়ে জলাকলা খুৱাইছে গঞা ৰাইজক (Poor Road Condition in Bangaigaon) ৷
এজাক বৰষুণতে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা এই পথটো এতিয়া যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অমনোযোগিতাৰ বাবে বিধস্ত হৈ পৰা এই কদৰ্যময় পথেৰেই দীৰ্ঘদিন ধৰি স্কুল, কলেজ, কৰ্মস্থানলৈ দৈনিক অহা যোৱা কৰি আহিছে ৰাইজে ।
ফলত যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে দুৰ্ভোগ ভুগি আহিছে এই অঞ্চলটোৰ সাধাৰণ জনতাই । পিছে এটা পথেই নহয় কেইবাখনো গাঁও ক্ৰমে কোকিলা, মাত্ৰাগোলা, জপিয়া, কীৰ্ত্তনপাৰা, চাকলা নাম্বাৰপাৰা, গোলা-পাৰা বাংলা-পাৰা আদি গাঁওসমূহৰ ৰাস্তা ঘাটবোৰো অলপ বৰষুণতে বিধ্বস্ত হৈ পৰে ৷
জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে বঙাইগাঁৱবাসীক সমষ্টিটোৰ বিধায়কক এই বিষয়ত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো ইয়াৰ মেৰামতিৰ বাবে চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে (Poor Road Condition angers Public in Bangaigaon) । পুনৰ বাৰিষাত সম্পূৰ্ণ পথবোৰ নৈত জাহ যোৱালৈ অপেক্ষা নেকি চৰকাৰৰ ? এইদৰে বঙাইগাঁও জিলা প্ৰশাসন আৰু চৰকাৰক প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰেই এই জৰাজীৰ্ণ পথকেইটা যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ অনুৰোধ জনাইছে অঞ্চলটোৰ গঞা ৰাইজে ৷
লগতে পঢ়ক:Nirmala Mishra passes away: ‘‘কি নাম দি মাতিম’’ বুলি সুধিবলৈ গায়িকা নিৰ্মলা মিশ্ৰ আৰু নাই