মাণিকপুৰ, ১৪ নৱেম্বৰ:বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং গাৰুগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ মুৰব্বী মজমুল আলী দুৰাৰোগ্য ৰোগত আক্ৰান্ত (Cancer affected family of Manikpur)। পৰিয়ালৰ মুৰব্বীজন বেমাৰত আক্ৰান্ত হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে । তেওঁ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী । যাৰবাবে এতিয়া পত্নীসহ তিনিগৰাকী শিশু কন্য়াৰে এতিয়া দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে মজমুলে ।
তিনিগৰাকী শিশু কন্য়াৰো স্কুলৰ যাৱতীয় খৰছ বহন কৰিব নোৱাৰা বাবে তেওঁলোক শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে (Assam govt scheme for Cancer patient)। আনহাতে, পত্নীয়ে আনৰ ঘৰত কাম কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছে । দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হোৱাত নিজৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি, বঙাইগাঁও, গুৱাহাটীৰ লগতে অসমৰ বাহিৰত বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও সুফল পোৱা নাই ।
ইপিনে, অটল অমৃত(Atal Amrit card),আয়ুস্মান কাৰ্ড (Ayushman Card) থকা সত্বেও চৰকাৰী সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । তেওঁলোকে পোৱা নাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ । পলিথিন পেপাৰেৰে কোনোমতে জুপুৰি সাজি জীৱন নিৰ্বাহ কৰি আছে । আনকি এতিয়া নিজেৰ চিকিৎসা কৰাৰ সামৰ্থ নোহোৱা হৈছে মজমুল ।