মানিকপুৰ, 20 জুলাই : বঙাইগাঁও জিলাৰ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Manikpur model hospital) প্ৰতিদিনে ৰাতিপুৱা 4 বজাৰে পৰা ক’ভিড ভেকচিনৰ বাবে সৃষ্টি হৈ আহিছে এক দীঘলীয়া শাৰীৰ ৷ বিগত কিছুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ মাজতে ৰাইজ এতিয়া ভেকছিনৰ বাবে অপেক্ষা কৰিছে ৷ কিন্তু প্ৰতিকুল বতৰৰ বাধা নেওচি হাতত কেঁচুৱা লোৱা মহিলা অথবা বয়োজ্যেষ্ঠ লোকসকল ভেকছিন গ্ৰহণ কৰাৰ বাবে ওলাই আহিছে যদিও ভেকছিন পাবনে নাই তাৰ নিশ্চয়তা লাভ কৰা নাই লোকসকলে ৷
ক’ভিড মেনেজমেন্টৰ নমুনাৰে পুনৰ চৰ্চাত এখন আদৰ্শ চিকিৎসালয় ক’ভিড আক্ৰান্তৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসন তৎপৰ হৈ থকাৰ সময়তো ভেকছিন প্ৰদান কেন্দ্ৰটো (vaccination center)ত পৰিলক্ষিত হোৱা নাই কোনোধৰণৰ সামাজিক দূৰত্ব অথবা স্বচ্ছতা ৷ এই কথাত ক্ষুব্ধ হৈ পৰিছে ভেকছিন গ্ৰহণ কৰিবলৈ ওলাই অহা লোকসকল ৷ ক্ষুব্ধ ৰাইজৰ একাংশই এই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাজকোষৰ ধনৰ উচিত ব্যৱহাৰ নোহৱাৰো অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখ্য যে, বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ (Manikpur model hospital) ক’ভিড মেনেজমেন্টৰ নমুনা পূৰ্বেও পোহৰলৈ আহিছে ৷ এগৰাকী মহিলাই উদঙাই দিছিল চিকিৎসালয়খনত ক’ভিড মেনেজমন্ট(covid management)ৰ নামত চলি থকা ফোপোলা স্বৰূপ ৷
ক’ভিড আক্ৰান্ত হৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Manikpur Model Hospital) ভৰ্তি হৈছিল মহিলা গৰাকী ৷ য’ত তেওঁক পূৰ্বৰ ক’ভিড আক্ৰান্ত লোকে ব্যৱহাৰ কৰা কাপোৰ সলাই বিচনাত নতুন কাপোৰ এখনৰ ব্যৱস্থাও কৰি দিয়া নাছিল কৰ্তৃপক্ষই ৷ কেৱল সিমানেই নহয়, চিকিৎসালয়খনত ক’ভিড আক্ৰান্তৰ বাবে ৰখা কোঠালিৰ ভিতৰত নাই কোনো ধৰণৰ চাফ-চিকুনতা ৷ চিকিৎসালয়খনৰ শৌচাগাৰ, প্ৰস্বাৱগাৰৰ অবৰ্ণনীয় পৰিস্থিতিৰ লগতে খোৱাপানীৰ ৰঙচুৱা ৰূপেও এতিয়া অইন ৰোগৰ কবলত পৰাৰ চিন্তাত পেলাইছে ৰোগী সকলকো ৷
লগতে পঢ়ক :চৰকাৰী চিকিৎসালয়ত ক’ভিড মেনেজমেন্টৰ ফোপোলা স্বৰূপ