অসম

assam

ETV Bharat / state

চিৰাঙত পথৰ শোচনীয় অৱস্থা

বঙাইগাঁও শোধানাগাৰৰ গাতেই লাগি থকা পথৰ দুৰৱস্থা ৷ প্ৰায় আঠ - দহখন গাঁৱৰ লোকে যাতায়াত কৰে এইটো পথেৰে ৷

By

Published : Jun 30, 2019, 10:06 AM IST

চিৰাঙত পথৰ শোচনীয় অৱস্থা

চিৰাং, 30 জুন : এজাক বৰষুণতে চিৰাঙৰ ছাতিপুৰ গাঁৱৰ মূল পথৰ শোচনীয় অৱস্থা ৷ বঙাইগাঁও শোধানাগাৰৰ গাতেই লাগি থকা পথৰ এই দুৰৱস্থা ৷ ঢালিগাঁৱৰ ছাতিপুৰৰ মূল পথছোৱাত সৃষ্টি হৈছে পুখুৰীৰ দৰে গাঁতৰ । ঢালিগাঁৱৰ বৰতালোৱাৰ পৰা ছাতিপুৰ, বান্ধৱগুৰি, হাতীপোতা, হাশ্ৰাওবাৰীকে আদি কৰি প্ৰায় আঠ - দহখন গাঁৱৰ লোকে যাতায়াত কৰে এইটো পথেৰে । শোধানাগাৰৰ নিৰাপত্তাত নিয়োজিত চি আই এচ এফেও এই পথেৰেই যাতায়াত কৰিবলগীয়া হয় ৷

চিৰাঙত পথৰ শোচনীয় অৱস্থা

বঙাইগাঁও শোধানাগাৰৰ চাৰিওপিনৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে যিদৰে শোধানাগাৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইটো নকৰাৰ অভিযোগ । নিয়ম অনুসৰি নিৰ্দিষ্ট এটা সীমাৰ ভিতৰৰ গ্ৰামাঞ্চলৰ বাট-পথ, খোৱাপানী, জলসিঞ্চন, বিদ্যুৎ যোগান, শিক্ষানুষ্ঠান আদিৰ উন্নয়নৰ প্ৰতি গুৰুত্বপ্ৰদান কৰিব লাগে । কিন্তু সেইক্ষেত্ৰত কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details