বঙাইগাঁও , 15 চেপ্তেম্বৰঃবঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত ৷ ভাৰতৰ ভিতৰতে নামজ্বলা ৰে'ল ষ্টেচন নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা ওলাই গেংকোৱাৰ্টাৰ,শ্মশান হৈ নিউ বঙাইগাঁও ৰে'লৱে ৱৰ্কশ্বপ ঘৰু ডাংতললৈ যোৱা মূল পথৰ ওপৰতেই সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷ বেয়া অৱস্থাত থকা পথছোৱাৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে কিছুদিন আগতে ৰে'ল কৰ্মচাৰী সংস্থা, মজদুৰ ইউনিয়নে আন্দোলনো কৰিছিল যদিও যোৱা 8/10 বছৰে ৰে'ল বিভাগে কোনো গুৰুত্বই প্ৰদান নকৰিলে ৷
নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত,ৰাইজৰ দুৰ্ভোগ - নিউ বঙাইগাঁও ৰেল ষ্টেচন
বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত ৷ ভাৰতৰ ভিতৰতে নামজ্বলা ৰে'ল ষ্টেচন নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা ওলাই গেংকোৱাৰ্টাৰ,শ্মশান হৈ নিউ বঙাইগাঁও ৰে'লৱে ৱৰ্কশ্বপ ঘৰু ডাংতললৈ যোৱা মূল পথৰ ওপৰতেই সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷
নিউ বঙাইগাঁৱৰ পথত পুখুৰী সদৃশ গাঁত
উল্লেখ্য যে, ৰে'ল বিভাগৰ বিষয়া আহিলে এই পথেৰে লৈ নাহে বুলিও জনালে ৰে'ল বিভাগৰ এজন কৰ্মচাৰীয়ে । বঙাইগাঁও জিলা প্ৰশাসন, পৌৰসভা , মন্ত্ৰী-বিধায়ক কোনেও এই পথচোৱাৰ উন্নয়ন,মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । আনকি ফণীভূষণ চৌধুৰীয়ে নিজেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পথছোৱাৰ মেৰামতিৰ বাবে ।