বঙাইগাঁও, 1 জুন :যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ উন্নয়নৰ বাবে ন ন আঁচনি ৰূপায়ন কৰিছে, সেই সময়তে এলাগী হৈ পৰি ৰৈছে এখন পশুধনৰ চিকিৎসালয় । "আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল।' এই বাক্যই যেন এতিয়া প্ৰযোজ্য হৈ পৰিছে বঙাইগাঁও জিলাৰ কটাশবাৰী উপ পশু চিকিৎসা কেন্দ্ৰটোৰ ক্ষেত্ৰত ।
বঙাইগাঁও জিলাৰ ঘিলাগুৰী গাঁও পঞ্চায়তৰ কটাশবাৰীত কেইবাবছৰ পূৰ্বে নিৰ্মাণ কৰা উপ পশু চিকিৎসা কেন্দ্ৰটো বৰ্তমান গৰুৰ গোহালিত পৰিণত হৈছে । উপ পশু চিকিৎসা কেন্দ্ৰটোৰ এই জৰাজীৰ্ণ অৱস্থাই অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে । উপ পশু চিকিৎসা কেন্দ্ৰটোৰ কার্যালয় গৃহ জহি খহি যোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰাত ভূত বাংলাত পৰিণত হৈছে ।