অসম

assam

ETV Bharat / state

পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ কোকিলাত অৰ্ধনিৰ্মিত এটা পথৰ দুৰৱস্থাৰ বাবে এতিয়া জৰুৰীকালীন সেৱাৰ লগতে ব্যাহত হৈ পৰিছে সাধাৰণ যাতায়াত ব্যৱস্থা ৷ পথটোৱে কীৰ্তনপাৰা, গোলাপাৰা, নাম্বাৰপাৰা, চাকলা, কোকিলা হৈ বৰপেটা জিলাৰ কলগাছিয়াৰ সৈতে সংযোগ স্থাপন কৰিছে ৷

poor condition of a road in manikpur
পথৰ দুৰৱস্থা:ঠেলি ঠেলি পাৰ কৰাব লগা হৈছে এম্বুলেঞ্চ

By

Published : Jun 7, 2021, 7:45 AM IST

বঙাইগাঁও,7 জুন:বঙাইগাঁও জিলাৰ মাণিকপুৰৰ কোকিলাস্থিত এটা পথৰ দুৰৱস্থাই সাধাৰণ পথচাৰীক জ্বলা-কলা খুৱাইছে ৷ সাধাৰণ এজাক বৰষুণতে বোকাময় হৈ পৰা পথটো এতিয়া সাধাৰণ যাতায়াতৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে ৷

স্থানীয় ৰাইজে সদৰী কৰা মতে, বঙাইগাঁও আৰু বৰপেটা জিলা সংযোগী তথা কীৰ্তনপাৰা, গোলাপাৰা, নাম্বাৰপাৰা, চাকলা, কোকিলা হৈ বৰপেটা জিলাৰ কলগাছিয়ালৈ যোৱা একমাত্ৰ পথটোত এম্বুলেঞ্চকে ধৰি অন্যান্য বাহনসমূহও বহু সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ ইফালে, কোকিলাৰ মনাকুছা মৰা মানাহৰ ওপৰত SOPD আঁচনিৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হোৱা এটা কালৰ্ভাট সঠিকভাৱে নিৰ্মাণ কৰাৰ বাবে পথচাৰীৰ বাবে কালভাৰ্টটো মৰণফান্দত পৰিণত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

মাণিকপুৰৰ কোকিলাত পথৰ দুৰৱস্থা

কিয়নো কালভাৰ্ট নিৰ্মাণ কৰা পাচতে যি ধৰণে শিল-বালিৰে পুতিব লাগিছিল, সেইধৰণে কালভাৰ্টটো পোতা নহ'ল ৷ যাৰ বাবে এতিয়া এজাক বৰষুণতে পথচোৱাত যাতায়াত ব্যাহত হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ তদুপৰি নিতৌ এম্বুলেঞ্চৰ পৰা আদি কৰি জৰুৰীকালীন সেৱাৰ যান-বাহনসমূহ ঠেলি ঠেলি পাৰ কৰিবলগা হয় বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ সেয়ে অতি সোনকালে পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকৰ লগতে পথচাৰীয়ে ৷

লগতে পঢ়ক: আকৌ সমস্যাত পৰিব নেকি অনিল নগৰ-নবীন নগৰ বাসী ?

ABOUT THE AUTHOR

...view details