অসম

assam

By

Published : Jun 16, 2021, 10:51 PM IST

ETV Bharat / state

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন

উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত যোগীঘোপা ফেমিলী ৰেষ্টুৰেন্ট এণ্ড ৰিজৰ্ট”ত আৰক্ষীৰ অভিযান । অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন । উদ্ধাৰ হোৱা টকা খিনিৰ মূল্য ৪,৫৩,৮৯৭ টকা ৷

police-raid
বঙাইগাঁৱৰ “যোগীঘোপা ফেমিলী ৰেষ্টুৰেন্ট এণ্ড ৰিজৰ্ট”ত আৰক্ষীৰ অভিযান

বঙাইগাঁও, 16 জুন :বঙাইগাঁৱৰ যোগীঘোপাত “যোগীঘোপা ফেমিলী ৰেষ্টুৰেন্ট এণ্ড ৰিজৰ্ট” ত আৰক্ষীৰ অভিযান । দীৰ্ঘদিনৰ পৰা ৰেষ্টুৰেন্ট আৰু ৰিজৰ্টখনত অবৈধ জুৱাখেল চলাৰ অভিযোগৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে বুধবাৰে অভিযান চলায় । উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত এই অভিযান চলায় । অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন । উদ্ধাৰ হোৱা টকা খিনি হৈছে ৪,৫৩,৮৯৭ টকা ৷ লগতে আৰক্ষীয়ে ৩ খন বিলাসী বাহন আৰু ৬ টাকৈ ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ।

বঙাইগাঁৱৰ “যোগীঘোপা ফেমিলী ৰেষ্টুৰেন্ট এণ্ড ৰিজৰ্ট”ত আৰক্ষীৰ অভিযান

ইপিনে জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰে ৬ টাকৈ জুৱাৰী । আটকাধীন জুৱাৰী কেইটা হ’ল দিলোৱাৰ হুছেইন, ছহিদুল হক, ছফিকুল ইছলাম, গণিৰুদ্দিন আহমেদ, মফিজুদ্দিন আহমেদ আৰু গৌতম তাঁতী ৷ আনহাতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় জুৱা খেল খনৰ আয়োজক নজৰুল হকক । উল্লেখযোগ্য যে, নজৰুল হক ৰেষ্টুৰেন্টখনৰ মেনেজাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়কঃ পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ABOUT THE AUTHOR

...view details