বঙাইগাঁও,18 মে':ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণাই ৷ কৰ'ণাক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিছে কেতবোৰ নতুন নিৰ্দেশনা ৷ তাৰ পাচতে কঠোৰ হৈ পৰিছে প্ৰতিখন জিলাৰ আৰক্ষী প্ৰশাসন ৷
আন আন জিলা প্ৰশাসনৰ সমান্তৰালকৈ ক'ভিডৰ নতুন নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিল বঙাইগাঁও জিলা প্ৰশাসন ৷ ৰাজ্য চৰকাৰে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ নিতৌ নতুন আইন প্ৰণয়ন কৰাৰ পাচতো কৰ'ণাকলৈ ভেঙুচালি কৰি আহিছে একাংশ লোকে ৷