অভয়াপুৰী, 28 আগষ্ট :অভয়াপুৰীত আৰক্ষী জোৱানৰ আত্মহত্যাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে (Police personal committed Suicide) ৷ অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান চিত্তৰঞ্জন চৌধুৰীয়ে (৫৭) দেওবাৰে পুৱা ৩:২৫ বজাত নিজা কাৰ্বাইনেৰে বুকুত গুলীয়াই আত্মহনন কৰে (Police personal death at Abhayapuri) ৷
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি তেওঁ কোনো ৰোগত আক্ৰান্ত হৈ আছিল ৷ ইয়াৰ ফলতেই হতাশাত ভুগি এনে চৰম সিদ্ধান্ত লয় বুলি সন্দেহ প্ৰকাশ কৰে সহকৰ্মীসকলে (Police personal committed Suicide) ৷