বিলাসীপাৰা, 11 মেঃ বিলাসীপাৰা ৰানীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত বাঘমাৰী প্ৰথম খণ্ড গাঁওত বিগত 8 মে'ত স্বামীৰ প্ৰহাৰত নিহত হৈছিল আনোৱাৰা বিবি নামৰ মহিলাগৰাকী ৷ আনহাতে এই কাণ্ড সংঘটিত কৰিয়ে পলাতক হৈ আছিল অভিযুক্ত স্বামী মইদুল হকে ৷ পলাতক মইদুল হকৰ গ্ৰেপ্তাৰৰ দাবীৰে শ-শ মহিলা আৰু স্কুলীয়া ছাত্ৰীয়ে ঘেৰাও কৰি তোলে ৰানীগঞ্জ আৰক্ষী চকী ৷
পত্নী হত্যাকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও - Assam Police
বিলাসীপাৰাৰ ৰানীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত 1 নং বাঘমাৰী গাঁওত বিগত 8 মে'ত স্বামীৰ প্ৰহাৰত মৃত্যুমুখত পৰিছিল আনোৱাৰা বিবি নামৰ মহিলাগৰাকী ৷ হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে একাংশ স্কুলীয়া ছাত্ৰীসহ মহিলাই থানা ঘেৰাও কৰে ৷
![পত্নী হত্যাকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3251319-784-3251319-1557570878063.jpg)
পত্নী হত্যাকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও
পত্নী হত্যাকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও
এই ঘটনাৰ তিনিঘন্টা সময়ৰ ভিতৰতে আৰক্ষীয়ে পলাতক হৈ থকা অভিযুক্ত মইদুল হকক চৰুৱাভিটা গাঁৱৰ এঘৰৰ গ্ৰেপ্তাৰ কৰে | ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৭৪/১৯ নম্বৰ আৰু ৩০৪ বি ধাৰাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মইদুল হকক বিলাসীপাৰা মহকুমা আদালতলৈ প্ৰেৰণ কৰে ৷