অসম

assam

মাণিকপুৰত উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ

By

Published : Sep 5, 2021, 2:29 PM IST

বুধবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ ৰাজ্যত পালন ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১ ৷ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে মাণিকপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ উদ্যোগত মাণিকপুৰত আয়োজন কৰা হৈছে এক সজাগতা ৷ য’ত গৰ্ভধাৰণ কৰাৰ সময়ৰ পৰা আৰম্ভ কৰি নৱজাতকৰ জন্মলৈ সকলো ধৰণৰ দিহা পৰামৰ্শ আগবঢ়োৱা হয় ৷

Pochan maah observe
মাণিকপুৰত উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ

অভয়াপুৰী, 5 ছেপ্তেম্বৰ : ১ ছেপ্তেম্বৰ অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ । সমান্তৰালকৈ ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে মাত্ৰু বন্দনা সপ্তাহ । ৭ ছেপ্তেম্বৰলৈকে মাত্ৰু বন্দনা সপ্তাহ পালন কৰিব দেশবাসীয়ে । দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে । বুধবাৰৰ পৰাই সুৰক্ষিত জননী বিকশিত ধৰণীৰ উদ্দেশ্যেৰে বঙাইগাঁও জিলাৰ মাণিকপুৰতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ ৷

মাণিকপুৰত উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ

মাণিকপুৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত ১০৪৪ নং বৰবিলা প্ৰাথমিক বিদ্যালয়ত ১ ছেপ্তেম্বৰj পৰা ৩০ ছেপ্তেম্বৰলৈ পালন কৰা হ’ব এই ৰাষ্ট্ৰীয় পোষণ মাহ ৷ ১ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ মাত্ৰু বন্দনা সপ্তাহৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ কৃষি বিষয়াই ৷ এই অনুষ্ঠানত উপস্থিত থাকে বহু কেইগৰাকী গৰ্ভৱতী ৷

ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

উল্লেখ্য যে, শনিবাৰে এই অনুষ্ঠানত মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য সংক্ৰান্ত পৰামৰ্শদাতা (Health Educator) অমৃত ওজাই সংবাদ মাধ্যমৰ আগত কয় যে, গৰ্ভৱতী মহিলা আৰু শিশুসকলে যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আয়োজন কৰিছে এই পোষণ মাহ ৷

এই পোষণ মাহত সকলোৱে নিজা নিজা অঞ্চলত সজাগতাৰ আয়োজন কৰি এখন সুস্থ সমাজ গঢ় দিয়াত চেষ্টা কৰিব লাগে । লগতে শাৰীৰিক, মানসিক আদিৰ ক্ষেত্ৰত কেনেকৈ শিশুটিক শক্তিশালী কৰিব পাৰি ইয়াৰ ওপৰততো গুৰুত্ব প্ৰদান কৰা হয় এই সভাত ৷

লগতে পঢ়ক:আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ খাৰঘূলিৰ ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰী

উল্লেখ্য যে, জন্মৰ পৰাই কিছুমান শিশুৱে পুষ্টিহীনতাত ভোগে ৷ আনকি মাতৃসকলেও গৰ্ভধাৰণ কৰাৰ পিছত পুষ্টিহীনতাত ভুগি নানা ধৰণৰ বেমাৰত আক্ৰান্ত হোৱা দেখা যায় । এই পুষ্টিহীনতা ফলত বহুত কেঁচুৱা আৰু মাতৃ মৃত্যুমুখত পৰে ।

ৰাজ্যত পালন ৰাষ্ট্ৰীয় পোষণ মাহ

মাতৃ বা শিশুসকলে কোন সময়ত কি ধৰণৰ শাক-পাচলি আৰু খাদ্য খাব লাগে লগতে নিজৰ স্বাস্থ্য কিদৰে সুৰক্ষিত কৰি ৰাখিব লাগে- ইয়াৰ বিকল্প স্বৰূপে ভাৰত চৰকাৰে বহুত ধৰণৰ আঁচনি গ্ৰহণ কৰিছে । এই আঁচনিৰ জৰিয়তে সকলোৱে যাতে উপকৃত হয় তাৰ বাবে জনতাক সচেতনতা গঢ়ি তোলাৰ হকে চৰকাৰে ছেপ্তেম্বৰ মাহটোক পোষণ মাহ হিচাপে ঘোষণা কৰিছে ।

উক্ত অনুষ্ঠানটিত জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বীৰ লগতে অংগনবাদী কৰ্মীসকল, চুপাৰ ভাইজাৰ, গৰ্ভৱতী আৰু সংবাদ কৰ্মীসকল আৰু মাণিকপুৰ অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:কলিয়াবৰৰ এগৰাকী আদৰ্শ শিক্ষকৰ কৰ্মস্পৃহাৰ কথাৰে...

ABOUT THE AUTHOR

...view details