মানিকপুৰ, 19 জুন :অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু ভূমিস্খলনে প্ৰলংকাৰী ৰূপ (Assam flood) ধাৰণ কৰিছে ৷ উজনীৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে পানীৰ তলত ৷ বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় অৱস্থা ৷ খাদ্য-বাসস্থানৰ অভাৱৰ লগতে প্ৰাণৰ সংশয়তো ভুগিছে বানাক্ৰান্ত ৰাইজ ৷
বঙাইগাঁৱৰ মানিকপুৰতো দেখা গৈছে অনুৰূপ পৰিৱেশ ৷ মানিকপুৰৰ ২ নং বাশবাৰীত আই নদীৰ গৰাখহনীয়াৰ ফলত নদীত জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ, মাটি-ভেটি । গড়কাপ্তানি পথ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, হাট বজাৰ আদিলৈ ভাবুকি আহি পৰিছে ।