অসম

assam

ETV Bharat / state

উৰুকাৰ প্ৰাকক্ষণত বঙাইগাঁৱৰ তামৰঙা বিলত এতিয়া মাছৰ উজান - বঙাইগাঁওৰ তামৰঙা বিলত এতিয়া মাছৰ উজান

উৰুকাৰ দিনা সোৱাদ যুক্ত মাছেৰে এসাঁজ খোৱাৰ হেঁপাহত তামৰঙা বিলত মাছ বিচাৰি অগণন লোকৰ ভিৰ ৷ মূল্যবৃদ্ধিয়ে ৰখাব পৰা নাই বিহুবলীয়া অসমীয়াক ।

কাইলৈ উৰুকা !
কাইলৈ উৰুকা !

By

Published : Jan 14, 2020, 4:27 AM IST

Updated : Jan 14, 2020, 7:34 AM IST

বঙাইগাঁও, 14 জানুৱাৰী: বঙাইগাঁও জিলাৰ বৈটামাৰী তামৰঙা বিলত অগণন লোকৰ ভিৰ । উৰুকাৰ দিনাখন তামৰঙা বিলৰ মাছেৰে এসাঁজ খোৱাৰ ইচ্ছাৰে মাছ বিচাৰি আহিছে এই সকল লোক ।

তামৰঙা বিলত এতিয়া মাছৰ উজান

ব্ৰহ্মপুত্ৰ সংযোগি এই বিলৰ মাছৰ সোৱাদ আছে বাবেই তামৰঙা বিলৰ মাছৰ চাহিদা অধিক । বঙাইগাঁওৰ পৰা গুৱাহাটীলৈ আছে এই মাছৰ চাহিদা ।

মূল্যবৃদ্ধিয়ে ৰখাব পৰা নাই বিহুবলীয়া অসমীয়াক

তামৰঙা মিন মহলৰ লোকে জনোৱা মতে, বোৱালি মাছ প্ৰতি কেজিত ১২০০ টকা হোৱাৰ বিপৰীতে চিতল মাছৰ দাম হৈছে প্ৰতি কেজিত ১০০০/১২০০ টকা । তাৰ পিচতো মাছ বিচাৰি মানুহৰ মাজত হেতা ওপৰা ।

বোৱালি মাছ প্ৰতি কেজিত ১২০০ টকা, চিতল মাছ ১০০০/১২০০ টকা

প্ৰতি বছৰেই এনেদৰে ভোগালীৰ উৰুকাৰ আগদিনা আৰু উৰুকাৰ দিনা পুৱা তামৰঙাত মাছৰ যি দৰে দাম বৃদ্ধি পায় সেই দৰে বৃদ্ধি পায় মাছ বিচাৰি অহা লোকৰ সংখ্যাও ৷ উৰুকাৰ দিনটোত মাছেৰে এসাঁজ লগে-ভাগে খোৱাৰ হেঁপাহ সকলোৰে ।

তামৰঙা বিলত এতিয়া মাছৰ উজান
Last Updated : Jan 14, 2020, 7:34 AM IST

ABOUT THE AUTHOR

...view details