অসম

assam

ETV Bharat / state

১০ বছৰে এখন দলঙৰ বাবে হাহাকাৰ শাজালপাৰাবাসীৰ

এখন দলঙৰ বাবে জীয়াতু ভূগিছে বঙাইগাঁও জিলাৰ শাজালপাৰাৰ কেইবাটাও অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী । কংগ্ৰেছী বিধায়কৰ প্ৰতি অতিষ্ঠ হৈ স্থানীয় ৰাইজৰ প্ৰতিবাদ(People protest demanding bridge) ৷

By

Published : Jun 13, 2022, 3:40 PM IST

people-protest-against-mla-demanding-construction-of-bridge-in-bongaigaon
১০ বছৰে এখন দলঙৰ বাবে হাহাকাৰ শাজালপাৰাবাসীৰ

বঙাইগাঁও, 13 জুন :এখন দলঙৰ বাবে জীয়াতু ভূগিছে বঙাইগাঁও জিলাৰ শাজালপাৰাবাসী ৰাইজে ৷ সেয়ে অতিষ্ঠ হৈ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শাজালপাৰা বাশবাৰী পথ সংযোগী এখন দলং নিৰ্মাণক লৈ স্থানীয় কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ(People protest demanding bridge) ।

উল্লেখ্য যে, বিগত ৭/৮ বছৰ পূৰ্বে আই নদীৰ বাঢ়নী পানীয়ে শাজালপাৰৰ পৰা ৭নং বাশবাৰীলৈ যোৱা মূল পথৰ মাজভাগ ছিগি পৰিছিল । ইয়াৰ পিছৰে পৰা স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি চলাচল কৰি আহিছে । কিন্তু স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনক এখন দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

১০ বছৰে এখন দলঙৰ বাবে হাহাকাৰ শাজালপাৰাবাসীৰ

স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ ৰাইজে অৱশেষত অঞ্চলটোৰ ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি কৰি দলংখনৰ মেৰামতিৰ কাম আৰম্ভ কৰে । ইফালে দলংখনৰ মেৰামতিৰ পূৰ্বে স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে । বিধায়ক আব্দুল বাতিন খন্দকাৰ গ'বেক, বঙাইগাঁও জিলা প্ৰশাসন হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে ।

প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই এখন পকী দলঙৰ লগতে পথছোৱাৰ মেৰামতি কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনক আহ্বান জনায় । চৰকাৰ, স্থানীয় বিধায়কে দলংখন নিৰ্মাণৰ কাৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ প্ৰধান কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব

ABOUT THE AUTHOR

...view details