বঙাইগাঁও, 16 জুন : বঙাইগাঁও জিলাৰ পাতিলাদহা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে এখন মাৰুতি ৱেগনাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত বাইকখনৰ চালক গুৰুতৰভাৱে আহত হয় । আহত লোকজনক আৰক্ষীয়ে ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ীৰে সংকটজনক অৱস্থাত মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এতিয়ালৈকে বাইক আৰোহীজনৰ পৰিচয় জানিব পৰা হোৱা নাই । দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এ এছ ১৫ ডি ৯৭৩১ আৰু ৱাগনাৰৰ নম্বৰ এ এছ ০১ ডি এন ৮০২০ ।
পাতিলাদহা ৰাষ্ট্ৰীয় ঘাইপথত ৱেগনাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ
দূৰ্ঘটনা সংগঠিত হোৱা স্থানৰ পৰা ৫০ মিটাৰ দূৰত্বত আন্তঃজিলা যাতায়ত ব্যৱস্থা উদ্দেশ্য কৰ্মৰত আছিল মাণিকপুৰ আৰক্ষী থানাৰ এদল আৰক্ষী । আৰক্ষীয়ে সকলো দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতো এক ঘন্টাৰ পাছত আহি বাইক আৰোহীজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
দূৰ্ঘটনা সংগঠিত হোৱা স্থানৰ পৰা ৫০ মিটাৰ দূৰত্বত আন্তঃজিলা যাতায়ত ব্যৱস্থা উদ্দেশ্য কৰ্মৰত আছিল মাণিকপুৰ আৰক্ষী থানাৰ এদল আৰক্ষী । আৰক্ষীয়ে সকলো দৃশ্য প্ৰত্যক্ষ কৰিও চকু মুদা কুলিৰ ভাও ধৰি আছিল । এক ঘন্টাৰো অধিক সময় বাইক আৰোহীজন পথৰ ওপৰতে পৰি আছিল । অৱশেষত আৰক্ষী ৰাইজৰ ৰোষত পৰাৰ ভয়ত আগবাঢ়ি আহে আৰক্ষী । ৰাইজৰ অভিযোগ অনুসৰি আন্তঃজিলা যাতায়তৰ নামত আৰক্ষীৰ পকেট গৰম কৰাৰ বাবে চৰকাৰে এক ব্যৱস্থাহে কৰি দিছে । পাতিলাদহাৰ এই ঘটনাত আৰক্ষীৰ ভূমিকাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :ধেমাজিত অবৈধ সুৰা-ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনলৈ আৰক্ষীৰ গুলীচালনা