অসম

assam

ETV Bharat / state

সদনত গৃহীত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক

বঙাইগাঁৱত বৃহস্পতিবাৰে পৰিলক্ষিত হ’ল আবতৰীয়া দেৱালী আৰু ফাকুৱা ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক সদনত গৃহীত হোৱাৰ বাবে এই বিজয়োল্লাস পালন কৰে কোঁচ-ৰাজবংশীয় লোকসকলে ।

Passed Kamatapur Autonomous Council Bill in assam assembly Bongaigaon assam etv bharat news
বঙাইগাঁৱত আবতৰীয়া দেৱালী

By

Published : Sep 3, 2020, 7:10 PM IST

বঙাইগাঁও,3 চেপ্তেম্বৰ: বৃহস্পতিবাৰে অসম বিধানসভাৰ অধিৱেশনৰ অন্তিমটো দিনত সদনৰ মজিয়াত গৃহীত হয় কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক ৷ ইয়াক কেন্দ্ৰ কৰি বঙাইগাঁৱত কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ মাজত বিৰাজ কৰে আনন্দ-উল্লাস ৷ চহৰখনৰ বৰপাৰা ৰাজহুৱা খেলপথাৰ আৰু আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত পৰিলক্ষিত হয় আবতৰীয়া দেৱালী ৷ কোঁচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ উপৰিও এলেকাটোত বাস কৰা অন্য জাতি-গোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্ব শাসনৰ ভাৰ অৰ্পণ কৰিলেও আক্ৰাছুৱে পৃথক কমতাপুৰ আন্দোলনৰ উপৰিও জনজাতিকৰণ দাবীত আন্দোলন অব্যাহত ৰাখিব ৷

বঙাইগাঁৱত আবতৰীয়া দেৱালী

বঙাইগাঁৱস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে ৷ সংবাদমেলখনত আক্ৰাছুৰ সভাপতি ৰায়ে এই বিধেয়ক গৃহীত কৰাৰ প্ৰতি আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিচিৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে চাওকঃঅভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান

ABOUT THE AUTHOR

...view details