অভয়াপুৰী, 14 নৱেম্বৰ :বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ ছটো বৰজানা গাঁৱৰ ৩০ টা বছৰে নিৰ্মাণ নোহাৱা এখন দলং গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বৰজানা গাঁও পঞ্চায়তৰ সভানেত্ৰী নূৰুন নাহাৰে ৷ ৰাইজৰ সহযোগত কুঁজীয়া নৈৰ ওপৰত এই বাঁহৰ দলংখন নিৰ্মাণ কৰিলে সভানেত্ৰী গৰাকীয়ে ৷
দেওবাৰে এই বাঁহৰ দলংখন ৰাইজৰ বাবে মুকলি কৰে সভাপতি হানিফ উদ্দিন আহমেদে । উল্লেখ্য যে, স্থানীয় লোকে পূৰ্বে বহুবাৰ এখন পকী দলং নিৰ্মাণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিল ৷ কিন্তু কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷
কুঁজীয়া নৈৰ ওপৰত গাঁঠিৰ ধন ভাঙি পঞ্চায়ন সভানেত্ৰীয়ে নিৰ্মাণ কৰিলে দলং ইফালে, ছটো বৰজানাৰ কুঁজীয়া নৈৰ ওপৰেৰে যাতায়ত কৰা বাবে একমাত্ৰ সুবিধা হৈছে এই দলংখনে ৷ কিন্তু যোৱা 30 বছৰে নিৰ্মাণ নহ'ল এই দলংখন ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, দলং নিৰ্মাণ নোহোৱাৰ বাবে স্কুল-কলেজৰ শিক্ষাৰ্থীৰ লগতে সাধাৰণ পথচাৰীয়েও দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছিল ৷ স্থানীয় বিধায়ক গৰাকীকো দলংখন নিৰ্মাণ কৰাৰ বাবে দাবী জনাইছিল যদিও বিধায়ক গৰাকীয়েও আজিকোপতি কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ এনে পৰিপেক্ষিতত সভানেত্ৰী নূৰুন নাহাৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক:Protest Against Price Hike: কংগ্ৰেছৰ জন জাগৰণে উত্তাল কৰিলে ৰাজপথ