চিৰাং, 1 ছেপ্টেম্বৰ : বিপৰ্যয়ে যেন লগ এৰা নাই বঙাইগাঁৱৰ খেতিয়ক সকলক ৷ বানৰ পাচত এইবাৰ খেতিপথাৰত অচিন বেমাৰ আৰু পোকৰ উপদ্ৰৱ ৷ নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি ৷ এবিধ অচিন পোকে ধানৰ মূল অংশ খোৱাৰ পাচত ৰঙা পৰি যায় আৰু শেষত ধান গছবোৰ মৰি যায় ৷ এনেধৰণে নষ্ট হৈ গৈছে বঙাইগাঁও অভয়াপুৰী সৃজনগ্ৰামৰ হাজাৰ হাজাৰ বিঘা ধানৰ খেতি ৷
কেৱল কৃষিৰে জীৱন নিৰ্বাহ কৰা সৃজনগ্ৰামৰ খেতিয়কসকলৰ জীৱনত কেৱল এতিয়া দুখৰ হুমনিয়াহ ৷ কিয়নো চকুৰ পচাৰতেই নষ্ট হৈ গৈছে কষ্টেৰে কৰা খেতিডৰা ৷ খেতিডৰা নহ’লে বছৰটোলৈ কষ্ট হ’ব পৰিয়ালটোৰ ৷ ইফালে ৰাজ্যত কৃষিবিভাগ বুলি বিয়াগোম বিভাগ এটা থকাৰ পিচতো খেতিয়কসকলৰ খবৰ ল’বলৈ আঁহৰি হোৱা নাই এই বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ ৷ গ্ৰামসেৱকেই হওক বা কৃষি বিষয়াই হওক কোনেও আজিলৈ সৃজনগ্ৰামৰ খেতিয়কসকলৰ খবৰ লোৱা নাই ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গাঁওখনৰ একাংশ কৃষকে ৷ কৃষিকৰ্মেৰে পৰিয়াল পোহপাল দিয়া এইসকল খেতিয়কৰ খবৰ ল’বলৈ আহৰি হ’বনে ৰাজ্যৰ কৃষিবিভাগৰ ?