অসম

assam

ETV Bharat / state

Crackdown on Child Marriage:মাণিকপুৰত বাল্য বিবাহৰ অভিযোগত আঠজনক গ্ৰেপ্তাৰ - বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ

পুনৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ । বঙাইগাওঁ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত গাঁও সমূহত বাল্য বিবাহৰ বিৰুদ্ধে চলিছে এই অভিযান ।

Child Marriage in Assam
বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:42 PM IST

বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ

মাণিকপুৰ, ৪ অক্টোবৰ: ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাওঁ জিলাৰ বিভিন্ন ঠাইতো বাল্য বিবাহৰ দৰে বে-আইনী কাৰ্যত লিপ্ত হোৱাৰ অপৰাধত আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে শ শ লোক । বঙাইগাওঁ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত গাঁও সমূহত বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয় দিনাও অভিযান অব্যাহত আছে ।

যোৱা নিশা জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাৰ ৰেজাউল ইছলাম (২৩) আৰু ৰবিউল হক (৩০) আৰু ৪নং বাশবাৰীৰ বিল্লাল হুছেইনক (৫২) স্বাস্থ্য পৰীক্ষা কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰতো অভিযান চলাই জিলাখনৰ ৫৩ জনৰ ভিতৰত ৩৯ জনক গ্ৰেপ্তাৰ কৰে । ৫৩ জনৰ বিৰুদ্ধে অভিযোগ আছিল যদিও নিশাৰ ভিতৰতে পৃথকে পৃথকে অভিযান চলাই ৩৯ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ কৰা কৰা ৩৯ জনৰ ভিতৰত মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা আঠজনক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:AJYCP protest in Morigaon:ৰাজ্যত বিদ্যুতৰ লুকা-ভাকু, মাচুল বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

অভিযানত গ্ৰেপ্তাৰ হোৱা অবৈধ স্বামী, অভিভাৱক আৰু মধ্যস্থতাকাৰী হৈছে নোৱাগাঁৱৰ হাফিজুৰ দেৱান (২২),বিষা দেৱান (৫১), মিৰাদুল মিঞা, (২০), আব্বাছ আলী, (৫৫) ৰমজান আলী(৪২) ওৱাচকুৰনী মিঞা (৪২), মকবুল হুছেইন(৪৪) আৰু ছানিদুল ইছলাম (২১) ।

উল্লেখ্য যে নিশাৰ ভিতৰতে সমগ্ৰ অসমজুৰি চলোৱা অভিযানৰ বাবে ৰাজ্যজুৰি এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । জিলাখনৰ থানাই থানাই গ্ৰেপ্তাৰ হোৱা সকলৰ আত্মীয় সকলে ভিৰ কৰিছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত বাল্য বিবাহ কৰা স্বামীৰ উপৰিও পৰিয়ালৰ লোক, কাজি, মৌলানা আৰু পুৰোহিতো আছে ।

লগতে পঢ়ক:Crackdown on Child Marriage: বাল্য বিবাহৰ বিৰুদ্ধে যোগীঘোপা আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details