চিৰাং, 30 মে’: ৰাজ্যত নতুন চৰকাৰ শাসনত অধিস্থিত হোৱাৰ পাচৰে পৰা সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে ব্যাপক ৰূপত অব্যাহত ৰাখিছে ড্ৰাগছ, গাঞ্জা তথা অন্য়ান্য অবৈধ নিচাযুক্ত দ্ৰৱ্যবিৰোধী অভিযান ৷ এনেদৰেই বঙাইগাঁও আৰক্ষীৰ নেতৃত্বত জিলাখনৰ ঢালিগাঁৱৰ বৰপথাৰ গাঁৱত আৰক্ষীৰ অভিযান চলিল ।
কুখ্যাত গাঞ্জা ব্যৱসায়ী সোনা উদ্দিনক গাঞ্জাসহ আটক - assam police against dealing of intoxicating elements
নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। জিলাখনৰ বৰপথাৰ গাঁৱৰ সোনা উদ্দিন নামৰ কুখ্যাত গাঞ্জা ব্যৱসায়ীগৰাকীক গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হ’ল আৰক্ষী ৷
![কুখ্যাত গাঞ্জা ব্যৱসায়ী সোনা উদ্দিনক গাঞ্জাসহ আটক one-arrested-with-ganja-by-bongaigaon-police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11952655-thumbnail-3x2-str.jpg)
গাঞ্জা সহ আৰক্ষীয়ে আটক কৰিলে কুখ্যাত গাঞ্জা ব্যৱসায়ী সোনা উদ্দিনক
গাঞ্জা সহ আৰক্ষীয়ে আটক কৰিলে কুখ্যাত গাঞ্জা ব্যৱসায়ী সোনা উদ্দিনক
বঙাইগাঁও আৰক্ষীয়ে শনিবাৰে সন্ধিয়াৰ পৰা অভিযান চলাই প্ৰায় চাৰি কেজি সাতশ গ্ৰাম গাঞ্জা, ২৮ গাঞ্জা খোৱা কলকিসহ কুখ্যাত গাঞ্জা ব্যৱসায়ী সোনা উদ্দিনক আটক কৰে । উল্লেখযোগ্য যে, ধৃত গাঞ্জা ব্যৱসায়ীজনে দীৰ্ঘ দিনৰ পৰা অঞ্চলটোত গাঞ্জা ব্যৱসায় চলাই আছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷ জানিব পৰা মতে, এটা বৃহৎ চক্ৰ এই ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷