অসম

assam

By

Published : Mar 28, 2022, 12:24 PM IST

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত NSUI-ৰ প্ৰতিবাদ

ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত NSUI ৰ প্ৰতিবাদ ৷ চৰকাৰক শীঘ্ৰে ইন্ধনজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবী প্ৰতিবাদকাৰীৰ ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ NSUI ৰ ৷

NSUI Protest against fuel price hike in Bongaigaon
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত NSUIৰ প্ৰতিবাদ

বঙাইগাঁও, 28 মাৰ্চ : পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেওবাৰে বঙাইগাঁও জিলা NSUIয়ে অভয়াপুৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest against fuel price hike)। NSUI ৰ বঙাইগাঁও জিলাৰ নৱনিৰ্বাচিত সভাপতি হজৰত আলীৰ নেতৃত্বত একাংশ সদস্যই কান্ধত গেছ চিলিণ্ডাৰলৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

হজৰত আলীৰ নেতৃত্বত NSUI ৰ বিষয়ববীয়া আৰু সদস্যসকলে কান্ধত গেছৰ চিলিণ্ডাৰলৈ আৰু বাইক ঠেলি ঠেলি অভয়াপুৰী টেম্পো ষ্টেচনৰ পৰা ৰাজীৱ ভৱনলৈ খোজকাঢ়ি গৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি গ'বেক, বিজেপিৰ কাম নাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশৰ পৰিবেশ উত্তাল কৰি তোলে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত NSUIৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে ইন্ধনৰ দামৰ সৈতে নিত্য ব্যৱহার্য সামগ্ৰীৰ সম্পর্ক থকা বাবে ইয়াৰ দাম বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে সকলো নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ আশংকা কৰি চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শীঘ্ৰে পেট্ৰ'ল, ডিজেল আৰু ৰন্ধনজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ নকৰিলে ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :TET qualified candidates protest: টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল BTR

ABOUT THE AUTHOR

...view details