উত্তৰ শালমাৰা,২৬ জানুৱাৰী :ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত ২০২০-২১ বৰ্ষত কৃতি শিক্ষকৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পাছত ২০২০ বৰ্ষত পৃথিৱীৰ ১১০ খন ৰাষ্ট্ৰৰ শিক্ষকৰ লগতে আন্ত:ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে শেহতীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত 'নলেজ হাব' (Knowledge hub) ইউটিউব চেনেলত ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষকৰ ২২১ টা শৈক্ষিক ভিডিঅ' একেলগে প্ৰিমিয়াৰ কৰি 'ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ'ত (India book of records) নাম অন্তৰ্ভুক্ত কৰিছে 'নলেজ হাব' ইউটিউব চেনেলৰ স্বত্ত্বাধিকাৰী তথা শিক্ষক ছিৰখাত হুছেইনে ।
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এইগৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ তৰফৰ পৰা ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ছিৰখাত হুছেইনক (North Shalmara administration felicitated Sirkhat Hussain)৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে উপ-পঞ্জীয়ক ৰাজীৱ কুমাৰ,পাৰ্থজ্যোতি দেৱ অধিকাৰী আৰু পুলক দাস ৷