1.Laboratory Technician ৰ ধৰ্ষণ-হত্যাৰ অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত !
Laboratory Technician ক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ অব্যাহত আছে চেপা উত্তেজনা ৷ ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী ৰাইজৰ ৷
2.১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পূজা
টীয়কৰ ঐতিহাসিক ১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত বৃহস্পতিবাৰে পৰম্পৰা অনুসৰি আৰম্ভ কৰা হৈছে নৱমী পূজা ৷ সেই অনুসৰি পুৱাৰে মা দুৰ্গাৰ আশীষ ল'বলৈ ভিৰ কৰিছে অগণন ভক্তই ৷ উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভগামুখ স্বাস্থ্য কেন্দ্ৰৰ কেইবাগৰাকীও আশা কৰ্মীয়ে পূজা মণ্ডপৰ প্ৰৱেশদ্বাৰত ভক্তসকলক ছেনিটাইজাৰ, মাস্ক আদি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ৷
3.ভূপেন বৰা-ৰকিবুল হুছেইনক নেতাৰ কান্ধত উঠাৰ পৰামৰ্শ ভৱেশ কলিতাৰ
এইবাৰ অষ্টমীত ম'হৰ গাড়ী আৰু নৱমীত ই ৰিক্সাত উঠি উ- নিৰ্বাচনৰ প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ কংগ্ৰেছ দলৰ এই নিৰ্বাচনী প্ৰচাৰক লৈ ৰঙিয়াত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ৷ তেওঁ এনেদৰে গৰু গাড়ী, ঘোঁৰা গাড়ীত উঠাটো কংগ্ৰেছৰ নিৰ্বাচনী নাটক বুলি আখ্যা দিয়ে ।
4.নগাঁৱৰ ৰণথলীৰ পূজা মণ্ডপত ভক্তৰ ভিৰ
ৰাজ্যত এতিয়া উৎসৱৰ বতৰ ৷ মা-দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সকলো ৷ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া কেৱল পূজা আৰু পূজা ৷ ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে মা-দুৰ্গাৰ বন্দনাৰে পৰিবেশ মুখৰিত হৈ আছে ৷ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপ সমূহতো একেই দৃশ্য দেখা গৈছে ৷ নগাঁৱৰ ৰণথলীৰ পূজা মণ্ডপতো দেখা গৈছে আধ্যাত্মিক পৰিবেশ ৷
5. অষ্টমীত ম'হৰ গাড়ী, নৱমীত ই ৰিক্সা : ভূপেন বৰাৰ পূজাৰ ৰাজনীতি
কেতিয়াবা যদি ম'হৰ গাড়ী, কেতিয়াবা আকৌ ই ৰিক্সা । অষ্টমী আৰু নৱমী পূজাৰ দিন দুটা ম'হৰ গাড়ী আৰু ই ৰিক্সাৰেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় কংগ্ৰেছ দলে ।