অভয়াপুৰী, ১৭ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মানিকপুৰত ৰাজহ বিভাগৰ কাম-কাজ সোমবাৰৰ পৰা পূৰ্ণাংগ ৰূপত আৰম্ভ কৰা হয় । ২০০১ চনতে ৮৩ খন ৰাজহ গাঁৱক সামৰি প্ৰস্তাৱিত ৰাজহ চক্ৰ কাৰ্যালয়ৰ দাবী উত্থাপন কৰি আহিছিল মাণিকপুৰ মহকুমা দাবী উন্নয়ন সমিতিয়ে । কিন্তু অসম চৰকাৰে ২০১৩ চনৰ ৩০ ছেপ্টেম্বৰত মাণিকপুৰত সুকীয়া ৰাজহ চক্ৰ গঠনৰ পৰিৱৰ্তে বিজনী ৰাজহ চক্ৰৰ বিটিএডিৰ বহিৰ্ভূত ৮৩ খন ৰাজহ গাঁও বঙাইগাঁও সদৰ ৰাজহ চক্ৰৰ লগত চামিল কৰি দিয়ে । এই অবিবেচক তথা মাণিকপুৰৰ ৰাইজৰ স্বাৰ্থ বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদী আন্দোলন গঢ়ি তোলে ।
কিন্তু চৰকাৰে ৰাইজৰ আন্দোলনকো গুৰুত্ব নিদিয়াত মাণিকপুৰ মহকুমা দাবী সমিতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । ২০১৩ চনৰ ১১ ডিচেম্বৰত ন্যায়ালয়ে ৮৩ খন ৰাজহ গাঁও বঙাইগাঁও ৰাজহ চক্ৰৰ লগত চামিলকৰণৰ সিদ্ধান্ত খাৰিজ কৰে । পিছত ২০১৪ চনৰ ২৮ জানুৱাৰীত উচ্চ ন্যায়ালয়ে এক সুকীয়া ৰায়ৰ যোগেদি মাণিকপুৰত নতুন ৰাজহ চক্ৰ গঠনৰ বাবে চৰকাৰলৈ স্পষ্ট নিৰ্দেশ দিয়ে । ইয়াৰ পিছতে অসম চৰকাৰেও ২০১৬ চনৰ ৩ মাৰ্চত মাণিকপুৰ ৰাজহ চক্ৰ ঘোষণা কৰে ।