অসম

assam

ETV Bharat / state

মহাবিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনক কেন্দ্ৰ কৰি প্ৰতিবাদ - Quarantain Centre

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ ।

National highyway block protest by student bongaigaon assam etv bharat news
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

By

Published : Nov 19, 2020, 7:59 PM IST

উত্তৰ অভয়াপুৰী,19 নৱেম্বৰ:বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়খন দীৰ্ঘসময় ধৰি বন্ধ হৈ আছে ৷ এই বিষয়ৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱোৰধ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ মহাবিদ্যালয়খন পুনৰ খোলাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ বিৰোধিতা কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

উল্লেখ্য যে,বিগত সময়ত ৰাজ্যত কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হোৱাত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়খন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ পৰ্যবসিত কৰা হৈছিল ৷ ফলত আজিলৈকে মহাবিদ্যালয়খনত আজিলৈকে আৰম্ভ নহ’ল পাঠদান কাৰ্যসূচী ৷ বিষয়টো ছাত্ৰ-ছাত্ৰীসকলে জিলা উপায়ুক্তক অৱগত কৰিছিল যদিও প্ৰশাসনৰ তৰফৰ পৰা কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়ে পুনৰ মহাবিদ্যালয়খনত পাঠদান আৰম্ভ কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে চাওকঃব্ৰহ্মপুত্ৰৰ পাৰত শিৱ লিংগ উদ্ধাৰ

ABOUT THE AUTHOR

...view details