অসম

assam

ETV Bharat / state

উত্তৰ অভয়াপুৰীৰ বান পৰিস্থিতি পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

দেওবাৰে উত্তৰ অভয়াপুৰীৰ বানপানী আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে সাংসদ আব্দুল খালেকে ৷ বানাক্ৰান্তসকললৈ সহায় আগবঢ়াবলৈ জিলা প্ৰশাসনক আহ্বান জনায় সাংসদগৰাকীয়ে ।

MP Abdul Khaleque visited Flood affected area
উত্তৰ অভয়াপুৰীৰ বান পৰিস্থিতি পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

By

Published : Jul 19, 2020, 2:17 PM IST

বঙাইগাঁও, 19 জুলাই : বিগত এমাহ ধৰি বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত আই আৰু মানাহ নৈয়ে ভয়াৱহ বানৰ সৃষ্টি কৰি আহিছে । বানৰ সমান্তৰালকৈ গৰাখহনীয়াইয়ো জিলাখনত কালৰূপ ধাৰণ কৰি শ শ কৃষিভূমিৰ লগতে ৰাইজৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতি সাধন কৰিছে।

প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে এটাৰ পিচত আনটো পৰিয়ালৰ বাসগৃহ । দেওবাৰে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে । সাংসদগৰাকীয়ে বানাক্ৰান্ত ৰাইজলৈ পৰ্যাপ্ত পৰিমাণে সহায় আগবঢ়াবলৈ জিলা প্ৰশাসনক আহ্বান জনায় ।

উত্তৰ অভয়াপুৰীৰ বান পৰিস্থিতি পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

ইফালে, চৰকাৰে ব্ৰহ্মপুত্ৰত সুৰংগ নিৰ্মাণ কৰিব বিচৰা সন্দৰ্ভত তেওঁ কয় যে, "ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতলৈ অহাৰ পাচতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে' নিৰ্মাণ হোৱৰ কথা আছিল, কিন্তু কাৰ্যকৰী নহ'ল ৷ ইয়াৰোপৰি, চৰকাৰে মাজুলীত দলং নিৰ্মাণৰ কথা কৈছিল যদিও সেয়াও আজিলৈকে কাৰ্যকৰী নহ'ল" ।

লগতে, চৰকাৰে কৃষক নেতা অখিল গগৈক ভয় কৰে বুলি উল্লেখ কৰি অচিৰেই অখিল গগৈৰ মুক্তিৰ দাবী জনায় সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : কাৰাগাৰতে চিকিৎসা আৰম্ভ কৰ’ণাত আক্ৰান্ত কয়দীৰ

ABOUT THE AUTHOR

...view details