অসম

assam

By

Published : Jan 2, 2022, 3:35 PM IST

ETV Bharat / state

MP Abdul Khaleque Reacts against CM : বঙাইগাঁৱত বিস্ফোৰক মন্তব্য সাংসদ আব্দুল খালেকৰ

''অসম আৰক্ষী যদি ৰাজনৈতিকভাৱে ব্যৱহাৰ নহয় তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৷'' সংবাদ মাধ্যমযোগে এই বিস্ফোৰক মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে (MP Abdul Khaleque reacts against CM) ৷

mp-abdul-khaleque-reacts-against-himanta-biswa-sarma-at-bongaigaon
বঙাইগাঁৱত বিস্ফোৰক মন্তব্য সাংসদ আব্দুল খালেকৰ

বঙাইগাঁও, 2 জানুৱাৰী :সংবাদ মাধ্যমযোগে বিস্ফোৰক মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ৷ নৱবৰ্ষৰ পহিলা দিনটোত (First day of 2022) বঙাইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠে সাংসদগৰাকী ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সংবিধান উলংঘা কৰা বুলিও কয় সাংসদ আব্দুল খালেকে (Accused of violating constitution) ৷

মুখ্যমন্ত্ৰীয়ে বিনা বিচাৰে বহু লোকক বিদেশী সজাৰ অপৰাধত ভাৰতীয় সংবিধান উলংঘা কৰা বুলি উল্লেখ কৰে ৷ লগতে আইন আৰু আৰক্ষী নিৰপেক্ষ হ’লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ইতিবাচক ফলাফল লাভ কৰিব বুলি সাংসদগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ লগতে 'অসম আৰক্ষী যদি ৰাজনৈতিকভাৱে ব্যৱহাৰ নহয় তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব' বুলিও উল্লেখ কৰে সাংসদ খালেকে ৷

বঙাইগাঁৱত বিস্ফোৰক মন্তব্য সাংসদ আব্দুল খালেকৰ

শনিবাৰে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 168 নং চাকলা নিম্ন বুনিয়াদী বিদ্যালয়খনে 100 বছৰ অতিক্ৰম কৰে ৷ 1922 চনত চাকলা অঞ্চলৰ ৰাইজৰ সহযোগত স্থাপিত হোৱা এই বিদ্যালয়খনৰ চৌহদত নৱবৰ্ষৰ পহিলা দিনটোত শতবৰ্ষ উদযাপন কৰা হয় (Chakla L. P. School celebrates Foundation Day at Bongaigaon) ৷

এই শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি এখনি মুকলি সভাৰ আয়োজন কৰা হয় ৷ সভাত সভাপতিত্বত কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে (MP Abdul Khaleque at Bongaigaon) ৷ ইয়াৰোপৰি উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ সম্পৰ্কে মন্তব্য কৰে ।

লগতে, চাকলা মূলতঃ বংগমূলীয় হিন্দু-মুছলমানৰ অঞ্চল ৷ এনে এটি অঞ্চলত 100 বছৰ পূৰ্বে এখন হিন্দু বিদ্যালয় স্থাপন হোৱাতো এক গুৰুত্বপূৰ্ণ কথা বুলি অভিহিত কৰে সাংসদ গৰাাকীয়ে ৷ লগতে যিসকলে মাজে সময়ে বাংলাদেশী হিচাপে বিদ্ৰোহ ঘোষণা কৰিব বিচাৰে সেইসকলৰ বাবে চাকলা নিম্ন বুনিয়াদী বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে সাংসদ খালেকে ৷

আনহাতে, চাকলা নিম্ন বুনিয়াদী বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহুৰী, চক্ৰ বিষয়া পল্লৱ জ্যোতি নাথৰ লগতে বিভিন্ন উচ্চ শিক্ষিত ব্যক্তি আৰু সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক :নৱবৰ্ষত পিকনিকৰ আনন্দ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details