বঙাইগাঁও, 2 আগষ্টঃ এফালে লক ডাউনে সাধাৰণ ৰাইজক ক্ষতিগ্ৰস্ত কৰাৰ পিছতে ৰাজ্যত বানত নষ্ট হৈছে ঘৰ দুৱাৰৰ লগতে বহু সা-সম্পত্তিৰ ৷ ইফালে বানপানীৰ পিছতে এইবাৰ কৃষি পথাৰত অচিন ৰোগৰ ফলত আন এক সমস্যাৰ সন্মুখিন হৈছে খেতিয়ক ৷ ইতিমধ্যে জীপাল হৈ উঠা ধানখেতি অচিন ৰোগত মৰি গৈছে ৷
এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ দেৱানগাঁৱৰ ৰানীঘুলি পথাৰত ৷ শ শ বিঘা ধানখেতি নষ্ট হৈ আছে অচিন ৰোগত ৷ ৰাজ্যত বানপানীয়ে খেতি পথাৰ উছন কৰাৰ পিছতে কৃষকৰ মূৰত ৰামটাঙোন শোধাইছে এই অচিন ৰোগে ৷ ধাননি পথাৰ সমূহত কঠিয়া বগা পৰি শুকাই যাবলৈ ধৰা অচিন ৰোগে এফালৰ পৰা গ্ৰাস কৰি গৈছে দেৱানগাঁৱৰ ৰানীঘুলি পথাৰ । নানান কীটনাশক তথা ঔষধ ব্যৱহাৰ কৰিও একো সুফল নাপালে অঞ্চলটোৰ খেতিয়ক সকলে । জিলা কৃষি বিভাগৰ পৰাও সহাঁৰি পোৱা নাই কৃষক ৰাইজে ৷ সম্প্ৰতি এই সন্দৰ্ভত খেতিয়ক সকলে চৰকাৰৰ সুদৃষ্টি কামান কৰাৰ লগতে ক্ষতিপূৰণ দিবলৈ সংবাদ মাধ্যমৰ আগত আহ্বান জনাইছে ৷