মানিকপুৰ, 23 অক্টোবৰঃ মানিকপুৰত সংঘটিত হৈছে গণ প্ৰহাৰৰ ঘটনা ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা গাঁৱৰ ছুৰমান আলী আৰু খাইৰুল ইছলাম নামৰ দুজন কিশোৰক হাঁহ চুৰিৰ অভিযোগত একে গাঁৱৰে তিনিভাতৃ হাফিজ ময়নাল হক,জাকিৰ হুছেইন আৰু আমিৰ হুছেইনে আইন হাতত তুলি লৈ অমানুষিক নিৰ্যাতন চলায় ৷ তিনি ভাতৃয়ে মিলি দুয়োটি কিশোৰকে বৈদ্যুতিক তাঁৰেৰে প্ৰহাৰ কৰে ৷
মানিকপুৰত হাঁহ চুৰিৰ অভিযোগত গুৰুলাগুৰুল প্ৰহাৰ - মানিকপুৰত হাঁহ চুৰিৰ অভিযোগত গুৰুলাগুৰুল প্ৰহাৰ
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা গাওঁৰ ছুৰমান আলী আৰু খাইৰুল ইছলাম নামৰ দুজন কিশোৰক হাঁহ চুৰিৰ অভিযোগত একে গাঁৱৰে তিনিভাতৃ হাফিজ ময়নাল হক,জাকিৰ হুছেইন আৰু আমিৰ হুছেইনে আইন হাতত তুলি লৈ অমানুষিক নিৰ্যাতন চলায় ৷ মৰেল পুলিচ ৰূপী তিনি ভাতৃয়ে দুয়ো কিশোৰক বৈদ্যুতিক তাঁৰেৰে প্ৰহাৰ কৰে ৷
মানিকপুৰত ম’ৰেল পুলিচৰূপী দানৱঃ বৈদ্যুতিক তাঁৰেৰ প্ৰহাৰ কিশোৰক
উল্লেখ্য যে,অভিযুক্ত তিনি ভাতৃয়ে কিশোৰদ্বয়ক কোঠালীৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰে ৷ বাহিৰৰ পৰা বহুলোকে মানা কৰে যদিও কাৰো বাধা কেৰেপ নকৰি অত্যাচাৰ চলাই যায় কিশোৰদ্বয়ৰ ওপৰত ৷ পৰৱৰ্তী সময়ত গাঁৱৰ একাংশ লোকে আহি কোনোমতে কিশোৰ দুজনক উদ্ধাৰ কৰে ৷ আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিলে হত্যাৰ ভাবুকি প্ৰদান কৰে অভিযুক্ত লোককেইজনে ৷
লগতে চাওকঃ দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকিৰ অভিযোগ