অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ হৰিৰচৰত মৰেল পুলিছৰ ৰূপত শিক্ষক - কুৰবান আলী প্ৰধান শিক্ষক

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত মৰেল পুলিছৰ ঘটনা । মৰেল পুলিছৰ ৰূপত এইবাৰ শিক্ষক । মানসিক বিকাৰগ্ৰস্ত যুৱকক তালিবানী শাস্তি । আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ ভুক্তভোগীৰ ।

Moral Police Incident at Bogaigaon
Moral Police Incident at Bogaigaon

By

Published : Jun 12, 2020, 8:33 PM IST

উত্তৰ অভয়াপুৰী,12 জুনঃ বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত এইবাৰ পোহৰলৈ আহিছে এক মৰেল পুলিছৰ ঘটনা । মৰেল পুলিছৰ ৰূপত এজন শিক্ষক । হৰিৰচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুৰবান আলীৰ লগতে তিনি ভাই-ককাই ক্ৰমে সুলভ মূল্যৰ দোকানী ছুৰমানআলী, লোকমান হুছেইন,আৰু ওছমান গনিয়েএকে গাঁৱৰে আব্দুল হালিম নামৰ এজন মানসিক বিকাৰগ্ৰস্ত যুৱকৰ ওপৰত চলায় তালিবানী শাস্তি।

বঙাইগাঁৱৰ হৰিৰচৰত মৰেল পুলিছৰ ৰূপত শিক্ষক

যোৱা নিশা 8 মান বজাত যুৱক জন ৰাস্তাৰে গৈ থাকোতে শিক্ষক কুৰবান আলী আৰু তাৰ ভাই-ককায়ে আগুৰি ধৰি হাত ভৰি বান্ধি লাঠিৰে কোবাই কোবাই তালিবানী শাস্তি প্ৰদান কৰাৰ এক ভিডিঅ ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

পূৰ্বৰ পৰিয়াল কেন্দ্ৰিক কাজিয়াৰ বাবেই শিক্ষক কুৰবান আলীয়ে আব্দুল হালিমক হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি ভুক্তভোগী পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছে । কিন্তু মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোবাৰক আলীয়ে মানসিক বিকাৰগ্ৰস্ত ভুক্তভোগী আব্দুল হালিমকে জেল হাজতলৈ প্ৰেৰণ কৰাত আৰক্ষী বিষয়া জনে পক্ষপাতিত্ব ভূমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ।

ঘটনা সংক্ৰান্তে উচিত তদন্ত বিচাৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিবলৈ বঙাইগাঁও আৰক্ষী অধীক্ষকৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে চাওকঃ বিধ্বস্ত শৈশৱ, সপোন বিভ্ৰান্তিত এজাক শিশু...

ABOUT THE AUTHOR

...view details