বঙাইগাওঁ, 18 মে': ৩৪ নং অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ সমগ্ৰ ৰাজ্যতে কৰ’ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে পুৱা ১০ বজাত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক বাতিন খন্দকাৰে ৷
মানিকপুৰৰ আদৰ্শ চিকিৎসালয়ত বিধায়ক আব্দুল বাতিন খন্দকাৰ - চিকিৎসালয় খনৰ আন্তঃগাঠনি
৩৪ নং অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন ৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধ্যক্ষ চিত্যৰঞ্জন হাজৰিকাৰ সৈতে চিকিৎসালয়খনৰ সমস্যা সমূহৰ ওপৰত মত বিনিময় বিধায়কগৰাকীৰ ৷
মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ
বিধায়কগৰাকীয়ে চিকিৎসালয়খনৰ অধ্যক্ষ চিত্যৰঞ্জন হাজৰিকাৰ সৈতে ক’ভিড চেন্টাৰ সমূহৰ সমস্যা, চিকিৎসালয় খনৰ আন্তঃগাঠনিক সমস্যাৰ লগতে সামগ্ৰিকভাৱে ক’ভিড পৰিৱেশৰ ওপৰত মত বিনিময় কৰে ৷ উল্লেখিত সমস্যাসমূহ বিধায়কগৰাকীয়ে পৰ্যায়ক্ৰমে সমাধান কৰাৰ আশ্বাস দিয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয় সন্দৰ্ভত অৱগত কৰিব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক :ডিব্ৰুগড়ত পুনৰ কৰ'ণাত মৃত্যু ৫ গৰাকীৰ