অসম

assam

ETV Bharat / state

MLA Phani Bhusan Choudhury son: বিধায়ক পুত্ৰ হৈয়ো পেট্ৰ’ল পাম্পত কৰিছে কাম ! - পেট্ৰ’ল পাম্পত কাম

সহজ-সৰল জীৱন যাপনৰ বাবে সকলোৰে মাজত পৰিচিত এজন বিধায়ক, তেওঁৰ সৰলতাই তেওঁৰ জনপ্ৰিয়তাৰ কাৰণ ৷ এতিয়া চৰ্চালৈ আহিছে পুত্ৰ ৷ কিন্তু কিয় জানেনে ? বিধায়কৰ পুত্ৰ যদিও কিন্তু তেওঁ পিতৃৰ সৰল ব্যৱহাৰহে আঁকোৱালি ল’লে অৰ্থাৎ সাধাৰণ মানুহৰ নিচিনাকৈয়ে জীয়াই থকাটো পছন্দ তেওঁৰ ৷ শেহতীয়াকৈ পেট্ৰ’ল পাম্পত কাম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে তেওঁ ৷ সবিশেষ জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

mla son takes up job to be self reliant
বিধায়ক ফণীভূষণ চৌধুৰীৰ একমাত্ৰ পুত্ৰ শান্তনু ভূষণ চৌধুৰী

By

Published : Jun 24, 2023, 11:01 PM IST

বিধায়ক ফণীভূষণ চৌধুৰীৰ একমাত্ৰ পুত্ৰ শান্তনু ভূষণ চৌধুৰী

বঙাইগাঁও, 24 জুন :ফণীভূষণ চৌধুৰী, বিধায়ক হিচাপেটো জনাজাত হয়েই, কিন্তু আন এটা কাৰণতো তেওঁ সাধাৰণ জনতাৰ মাজত প্ৰিয় ৷ সেইয়া হ’ল তেওঁৰ সহজ-সৰল জীৱন যাপনৰ প্ৰণালী লগতে কথা কোৱাৰ শৈলী ৷ তেনেই সাধাৰণভাৱে জনতাৰ সন্মুখত নিজৰ মত উপস্থাপন কৰে তেওঁ ৷ তেওঁৰ ব্যক্তিত্বই দৰাচলতে সৰল, যাৰ বাবে তেওঁ নিজক তেনেধৰণেই উপস্থাপন কৰিব পাৰে ৷

শেহতীয়াকৈ এই সৰলতা দেখা পোৱা গ’ল তেওঁৰ পুত্ৰৰ কৰ্মতো ৷ বিধায়ক ফণীভূষণ চৌধুৰীৰ পুত্ৰই কাম কৰিবলৈ আৰম্ভ কৰিছে এটা পেট্ৰ’ল পাম্পত ৷ নিজৰ পঢ়াৰ খৰচ নিজেই উলিওৱাৰ লক্ষ্য কৰি লৈছে তেওঁ ৷ য’ত নেকি বিধায়কজনৰ ঘৰলৈ দৈনিক হাজাৰ হাজাৰ মানুহে সহায় বিচাৰি আহে তেনে ক্ষেত্ৰত সেইজন বিধায়কৰ পুত্ৰই পেট্ৰ’ল পাম্পত চাকৰি কৰা কথাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ একমাত্ৰ পুত্ৰ শান্তনু ভূষণ চৌধুৰীয়ে ডিগ্ৰী সম্পূৰ্ণ কৰি উচ্চ শিক্ষাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে নাম ভৰ্তিৰ বাবদ যিমানখিনি খৰচৰ প্ৰয়োজন হ’ব সেইখিনি নিজেই পেট্ৰ’ল পাম্পত হাজিৰা কাম কৰি উলিয়াই ল’ব বুলি দৃঢ়প্ৰতিজ্ঞা কৰিছে ৷ এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে পুত্ৰৰ কামৰ প্ৰতি থকা স্পৃহাক শলাগ লৈ নিজে গৌৰৱ অনুভৱ কৰিছে ।

কামত কোনো সৰু বৰ নাই । কামৰ প্ৰতি একাগ্ৰতা থাকিলে যিকোনো কামতে সফল হ’ব পাৰি বুলি মতপোষণ কৰে বিধায়ক পুত্ৰই । তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান সময়ত এচাম ডেকাই বিভিন্ন ধৰণৰ নিচা জাতীয় সামগ্ৰী সেৱন কৰি নিজৰ জীৱন ধ্বংসৰ দিশে ঠেলি দিছে । কিন্তু তাকে নকৰি জীৱনটো সুন্দৰভাৱে কামৰ জৰিয়তে উদযাপন কৰি নিজৰ লগতে পৰিয়াল স্বাৱলম্বী কৰিব পাৰে। লগতে নৱ-প্ৰজন্মক অনুৰোধ জনাই যে কামত কোনো সৰু-বৰ নাই, সকলোৱে নিজৰ ৰুচিমতে কাম কৰিও শিক্ষা গ্ৰহণ কৰিব পাৰে । শান্তনু দৰাচলতে সমাজৰ বাবে আদৰ্শ স্বৰূপ । তেওঁৰ এই কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :KMSS press meet :GMDA ৰ অধীক্ষক অভিযন্তা মন্টু বৰাৰ বিৰুদ্ধে সৰৱ কৃষক নেতা

ABOUT THE AUTHOR

...view details