বঙাইগাঁও, 17 মে’ :বঙাইগাঁও জিলাৰ অভয়াপুৰীত চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগ (Misuse of government funds at Abhayapur)৷ কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ চৰকাৰৰ ফালৰ পৰা নিৰ্মাণ কৰা হ’ল এটা বিশেষ নলাৰ পকী দেৱাল ৷ কিন্তু এমাহ নৌহওঁতেই খহি পৰিল চৰকাৰে নিৰ্মাণ কৰা এই পকী দেৱালখন ৷ এই অভিযোগ তৰিছে অভয়াপুৰীবাসীয়ে ৷
অঞ্চলটোৰ ৰাইজৰ অভিযোগ, নিম্নমানদণ্ডৰ সামগ্ৰীৰে চৰকাৰী ঠিকাদাৰে এই দেৱাল নিৰ্মাণ কৰিছিল ৷ প্ৰয়োজনতকৈ বহু পৰিমাণে কম সামগ্ৰী ব্যৱহাৰ কৰি এই দেৱাল নিৰ্মাণ কৰিছিল ৷ যাৰ ফলত এজাক বৰষুণতেই খহি পৰে কেইবা লাখ টকা ব্যয় সাপেক্ষে প্ৰায় এমাহ পূৰ্বে নিৰ্মাণ কৰা পকী দেৱালখন ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷