অসম

assam

ETV Bharat / state

ক’ভিড-১৯ ত স্বামীহাৰা হোৱা মহিলাক চেক বিতৰণ ৰণজিৎ দাসৰ - ফণী ভূষণ চৌধুৰী

শনিবাৰে বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীয়ে জিলাখনৰ ক’ভিড-১৯ ত আক্ৰান্ত হৈ স্বামী হেৰুওৱা বিধৱা মহিলা সকলক মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনিৰ চেক বিতৰণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে (Ranjit Kumar Das)। অনুষ্ঠানটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ সৈতে বিপিএফৰ সাম্ভাৱ্য মিত্ৰতা সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

minster ranjit das took part in Chief Minister Covid 19 Widows Support Scheme
ক’ভিড-১৯ ত স্বামীহাৰা হোৱা মহিলাক চেক বিতৰন ৰণজিৎ দাসৰ

By

Published : Jul 18, 2021, 9:21 AM IST

Updated : Jul 18, 2021, 10:21 AM IST

বঙাইগাঁও, 18 জুলাই :বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত শনিবাৰে বিয়লি ক’ভিড-১৯ত আক্ৰান্ত হৈ স্বামী হেৰুওৱা বিধৱা মহিলা সকলক মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনিৰ চেক বিতৰণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে । অসম চৰকাৰৰ কভিড মহামাৰীত স্বামীহাৰা মহিলালৈ মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য আঁচনি(Chief Minister Covid 19 Widows Support Scheme)ৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত হয় এই অনুষ্ঠান ৷ অনুষ্ঠানটোত ২৭ গৰাকী বিধৱা মহিলাক চেক বিতৰণ কৰা হয় ।

ক’ভিড-১৯ ত স্বামীহাৰা হোৱা মহিলাক চেক বিতৰন ৰণজিৎ দাসৰ

অনুষ্ঠানটো বঙাইগাঁও জিলাৰ উপায়ুক্ত ড৹ এমএছ লক্ষ্মীপ্ৰিয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় ৷ অনুষ্ঠানটোত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস (minister Ranjit Das) জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে উপস্থিত থকাৰ উপৰি বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণী ভূষণ চৌধুৰীও উপস্থিত আছিল । অনুষ্ঠানটোত উপস্থিত হৈ সাংবাদিকৰ সমুখত মন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ মূল্যবৃদ্ধি সম্পৰ্কে মন্তব্য কৰি ৰণজিৎ দাসে কয়, মূল্যবৃদ্ধি সকলোতে হৈছে । পেট্ৰ’ল, ডিজেলৰ দাম আন্তৰাষ্ট্ৰীয় বজাৰতো বাঢ়িছে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দেশৰ বেলেগ প্ৰদেশৰ তুলনাত অসমত কম বুলিও মন্তব্য মন্ত্ৰী ৰণজিৎ দাসে কয়, অতিপাত মূল্যবৃদ্ধি হোৱা নাই অসমত ।

অসম বিজেপি (BJP)ৰ এগৰাকী প্ৰভাৱশালী নেতা হিচাপেও দলটোৰ ৰাজনৈতিক স্থিতি সন্দৰ্ভত শনিবাৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰণজিৎ দাসে ৷ তেওঁ কয় যে, বিপিএফ(BPF) আহিলে ইউপিপিএল (UPPL) দল নোহোৱা হ’ব গতিকে, বিপিএফৰ লগত মিত্ৰতা নিৰ্ভৰ কৰিব ইউ পিপিএলৰ সংকেতৰ ওপৰত । ইউপিপিএলে বিচাৰিলেহে বিপিএফৰ লগত মিত্ৰতা হ’ব । জিএছপি (GSP) দলৰ সৈতে বিজেপিৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা নাছিল বুলি মন্তব্য কৰি উপ নিৰ্বাচন(By election)ৰ পূৰ্বে মিত্ৰতা সন্দৰ্ভত আলোচনা হ’ব বুলি মন্তব্য কৰে ৰণজিৎ দাসে ।

লগতে পঢ়ক :Tokyo olympic ত ক’ত কেনেকৈ জিলিকিব উত্তৰ-পূৱৰ খেলুৱৈ

Last Updated : Jul 18, 2021, 10:21 AM IST

ABOUT THE AUTHOR

...view details