অসম

assam

ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিত কেলেংকাৰী: বঙাইগাঁৱত আমছুৰ সভাপতিৰ সংবাদমেল - কোকিলা প্ৰেছ ক্লাৱত সংবাদমেল

সংখ্যালঘু ছাত্ৰ বৃত্তিত কেলেংকাৰী সন্দৰ্ভত কোকিলা প্ৰেছ ক্লাৱত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ সংবাদমেল ।

বঙাইগাঁৱত আমছুৰ সভাপতিৰ সংবাদমেল
সংখ্যালঘু ছাত্ৰ বৃত্তিত কেলেংকাৰী

By

Published : Jun 30, 2020, 2:20 PM IST

বঙাইগাঁও, 30 জুন :সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কোটি কোটি টকা আত্মসাতৰ বিৰুদ্ধে বঙাইগাঁৱত সংবাদমেলৰ আয়োজন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ তদন্তৰ নামত চৰকাৰে ভেকোঁভাওনা কৰাৰ অভিযোগ তুলিছে আমছুয়ে । সংখ্যালঘু উন্নয়ন বৰ্ডৰ সঞ্চালকৰ ভূমিকাকো নিন্দা কৰে আমছুৰ সভাপতিজনে।

সংখ্যালঘু ছাত্ৰ বৃত্তিত কেলেংকাৰী

ছাত্ৰ বৃত্তিৰ বৃহৎ কেলেংকাৰীৰ লগত জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ বিপৰীতে কেৱল গোৱালপাৰাৰ এজন শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুয়ে। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰী,সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী নীৰৱ বুলি মন্তব্য কৰে সৰকাৰে ।

সংখ্যালঘু ছাত্ৰ বৃত্তিত কেলেংকাৰী

আমছুৰ সভাপতিগৰাকীয়ে কয় যে,চৰকাৰ এই কেলেংকাৰীৰ সৈতে জড়িত থকা বাবে নীৰৱে আছে । আমছুৰ সভাপতিজনে কেইবাটাও অঞ্চলৰ উদাহৰন দাঙি ধৰি ইয়াৰ লগত জড়িত সকলক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ লগতে এই বৃহৎ কেলেংকাৰী গাপ দিয়াৰ চেষ্টা কৰে বুলি কয় । শীঘ্ৰেই ইয়াৰ লগত জড়িত সকলৰ বিৰুদ্ধে চিবিআই পৰ্যায়ৰ তদন্ত গ্ৰহণৰ দাবী জনাই সৰকাৰে । অন্যথাই গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

লগতে পঢ়ক : বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ABOUT THE AUTHOR

...view details