অসম

assam

ETV Bharat / state

পানী খোৱাৰ অযুহাত দি ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলালে কিশোৰে

মাণিকপুৰত পানী খোৱাৰ অযুহাতত ঘৰত কোনো নথকাৰ সুযোগলৈ এগৰাকী তাঁত বৈ থকা কিশোৰীক ধৰ্ষণৰ অপচেষ্টা কিশোৰৰ (Minor boy tries to rape minor girl) ৷ ঘটনাস্থলীত ৰাইজ উপস্থিত হোৱাত ভয়ত হাঁহৰ গঁড়ালত লুকাল কিশোৰ ৷ তাৰ পিছত কি হ’ল জানো আহক ৷

minor-boy-tries-to-rape-minor-girl-in-manikpur
পানী খোৱাৰ অযুহাত দি ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলালে কিশোৰে

By

Published : Dec 26, 2021, 10:17 PM IST

মাণিকপুৰ, 26 ডিচেম্বৰ :বঙাইগাঁও জিলাৰ ৪ নং জামদহাত ঘৰত কোনো নথকাৰ সুযোগলৈ পানী খোৱাৰ অযুহাতত তাঁত বৈ থকা কিশোৰী এগৰাকীৰ সৈতে প্ৰথমে কাজিয়াত লিপ্ত হয় এজন কিশোৰ ৷ পিছত কিশোৰী গৰাকীৰ মুখত সোপা দি ধৰ্ষণৰ অপচেষ্টা কৰাৰ লগতে হত্যা কৰাৰ বাবে ডিঙিত চেপি ধৰে অভিযুক্ত কিশোৰজনে (Minor boy tries to rape minor girl) । কথমপি কিশোৰী গৰাকীয়ে এই আক্ৰমণৰ পৰা হাত সাৰি চিঞৰ বাখৰ কৰাত গাঁৱৰ মানুহে আহি তেওঁক উদ্ধাৰ কৰে (Public rescues minor girl from rape attempt) ।

ইফালে, অভিযুক্ত কিশোৰজনে ৰাইজৰ ভয়ত হাঁহৰ গঁড়ালত লুকাই যদিও স্থানীয় ৰাইজে বিচাৰি পায় তাক উত্তম মাধ্যম দিয়ে । ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয় আৰু মহিলা সমিতিয়েও ল’ৰাজন কম বয়সীয়া যদিও এই জঘন্য কামৰ বাবে আইনমতে উচিত শাস্তি দিব লাগে বুলি দাবী জনায় ৷ আনহাতে, এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত পুলিচে অভিযুক্ত কিশোৰজনক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰে আৰু সময়মতে দুয়োজনকে চিকিৎসালৈ প্ৰেৰণ কৰে ।

পানী খোৱাৰ অযুহাত দি ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলালে কিশোৰে

সম্প্ৰতি, ছোৱালীজনী সম্পূৰ্ণ সুস্থ বুলি আৰক্ষীয়ে জানিবলৈ দিছে । ইফালে, ধৰ্ষণৰ অপচেষ্টা কৰা অভিযুক্ত নাবালক হোৱা বাবে আৰক্ষীৰ তৰফৰ পৰা ল’ৰাজনৰ বিৰুদ্ধে Child in complicated law অনুযায়ী মাণিকপুৰ থানাত 614/21 Section 448, 354 আৰু 3071 IPC rapid 12 pocso act ৰ অধীনত এটা গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক :Murder in Guwahati : গুৱাহাটী মহানগৰীত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details