বঙাইগাঁও, 15 অক্টোবৰঃ বঙাইগাঁওৰ বিধান সভাৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ সমষ্টিত কাঠৰ দলং ভাঙি পানীত পৰে মহেন্দ্ৰা মিনি ট্ৰাক৷ বিগত ৩৫ বছৰে সমষ্টিখনৰ বিধায়ক হৈ আছে ফণীভূষণ চৌধুৰী৷ কিন্তু তেখেতৰ সমষ্টিতে একমাত্ৰ কাঠৰ দলঙখন বৰ্তমান পানীৰ তলত৷ সোমবাৰে দিনৰ ভাগত বেতবাৰী চোৰাপাৰা সংযোগী একমাত্ৰ এই জৰাজীৰ্ণ কাঠৰ দলঙখন ভাঙি সৰি পৰে এখন মিনি ট্ৰাক৷ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰাইজৰ মাজত৷
বঙাইগাৱঁত দলং ভাঙি পানীত পৰিল মিনি ট্ৰাক - বেতবাৰী চোৰাপাৰা সংযোগী কাঠৰ দলং
সোমবাৰে দিনৰ ভাগত বেতবাৰী চোৰাপাৰা সংযোগী একমাত্ৰ এই জৰাজীৰ্ণ কাঠৰ দলঙখন ভাঙি সৰি পৰে এখন মিনি ট্ৰাক৷ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰাইজৰ মাজত৷

বঙাইগাৱঁত দলং ভাঙি পানীত পৰিল মিনি ট্ৰাক
বেতবাৰী চোৰাপাৰা সংযোগী জৰাজীৰ্ণ কাঠৰ দলং
উল্লেখ্য যে, বিগত 2002 চনত প্ৰজেক্ট প্ৰহৰীৰ অধীনত সেইসময়ৰ আৰক্ষী সঞ্চালক হৰেকৃষ্ণ ডেকাই উদ্বোধন কৰিছিল এই কাঠৰ দলং খন৷ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ভৰষা কুঁজীয়া নৈৰ ওপৰত থকা দলঙখনৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে বিধায়কগৰাকীক বহু অনুৰোধ কৰাৰ পাছতো এখন পকী দলঙৰ নিৰ্মান কৰা নহ’ল৷ যাৰ ফলত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দূৰ্ঘটনাটো৷ উক্ত দূৰ্ঘটনাত কথমপি প্ৰাম ৰক্ষা পৰে গাড়ীৰ ভিতৰত থকা পাচঁজনকৈ লোকৰ৷