অসম

assam

By

Published : Jun 13, 2020, 4:09 PM IST

ETV Bharat / state

প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আৰক্ষীয়ে আটক কৰিলে কিয়?

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত ৯০১ নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনৰ চাউলৰ বিতৰণ কৰাৰ বিপৰীতে মাটিত পুতি থয় ৷ উক্ত ঘটনাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে আটক কৰে শিক্ষক জনক ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ স্থানীয় ৰাইজে অভিযুক্ত শিক্ষক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

Mid Day Meal Scandal Head Teacher Arrested By Police in North Abhayapuri
প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আৰক্ষীয়ে আটক কৰিলে কিয়?

উত্তৰ অভয়াপুৰী, 13জুনঃবঙাইগাঁও জিলাৰ শৌলমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আটক কৰে আৰক্ষীয়ে ৷ মধ্যাহ্ন ভোজনৰ চাউলৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰা অভিযোগত শিক্ষকজনক আটক কৰে আৰক্ষীয়ে ৷

প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আৰক্ষীয়ে আটক কৰিলে কিয়?

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত ৯০১ নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউলত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে দীৰ্ঘ দিনৰে পৰা মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰী সকলক বিতৰণ নকৰাৰ অভিযোগ অভিভাৱক সকলৰ ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক নাছিৰ উদ্দিনে দীৰ্ঘ দিন ধৰি বিদ্যালয় পৰিচালনা সমিতিক আওকাণ কৰি নিজৰ ইচ্ছামতে মধ্যাহ্ন ভোজনৰ সামগ্ৰী সমুহত ব্যাপক দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত ঘটনাত ক্ষুব্ধ হৈ শিক্ষক জনৰ বিৰুদ্ধে কোকিলা আৰক্ষী চকীত অভিযোগ দিয়ে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষী বিদ্যালয় খনত উপস্থিত হয় ৷ আৰু বিদ্যালয় খনৰ পিছ ফালে পুতি থোৱা অৱস্থাত মধ্যাহ্ন ভোজনৰ চাউল,আলু,কণী সামগ্ৰী বোৰ গেলি-পচি যোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে ঘটনাৰ অভিযোগত আৰক্ষীয়ে প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আটক কৰিছে । এই ঘটনাৰ উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে । শিক্ষকজনৰ এই মধ্যাহ্ন ভোজনৰ সামগ্ৰী মাটিত পুতি থোৱা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক- কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যত ওলাইছে কুমটি,পইতাচোৰা

ABOUT THE AUTHOR

...view details