বঙাইগাঁৱত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - অসম নিউজ
সদৌ অসম ছাত্ৰ সন্থা আছুৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় । লগতে উপস্থিত থাকে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল ৷
বঙাইগাঁও, 29 জুনঃ বঙাইগাঁৱত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । আছু সভাপতি দিপাঙ্ক কুমাৰ নাথে সম্বৰ্ধনা জনায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ 131 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ দশম স্থান দখল কৰা নিকিতা পাঠকক । সদৌ অসম ছাত্ৰ সন্থা আছুৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় । লগতে উপস্থিত থাকে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱা ৷ অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা বিভাগে সন্মানীয় শিক্ষাগুৰু সকলকলৈ লৰা ধেমালি কৰাৰ অভিযোগ কৰি কয় যে, শিক্ষক সকলৰ পদসমূহ নিয়মীয়াকৰণ কৰিব লাগে । হাইস্কুল সমূহক উচ্চতৰ মাধ্যমিকলৈ উন্নিত কৰি কলেজ সমূহৰ অধ্যাপকসকলৰ বোজা কমাবলৈ মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ক্ষেত্ৰত অসমৰ চাৰিওদিশৰ ছাত্ৰ-ছাত্ৰীৰ উপকৃত হ'ব পৰাকৈ নীতি প্ৰস্থুতৰ দাবীত আছুয়ে বিতং কথা সাঙুৰি কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয়লৈ প্ৰতিবেদন দাখিল কৰা বুলি মন্তব্য কৰে আছু সভাপতি গৰাকীয়ে ৷