বঙাইগাঁও, 22 ছেপ্টেম্বৰ: কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত (KAC) সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰী আৰু জালিয়াতিৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ৷ উল্লেখ্য যে ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই একাংশই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ৷
এই সমগ্ৰ প্ৰৱঞ্চনা আৰু প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত থকাৰ অপৰাধত এইবাৰ গ্ৰেপ্তাৰ কৰা হ’ল কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ক ৷ প্ৰধান সচিবৰ চহী জালিয়াতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কাৰ্তিক ৰায়ক ৷ ইয়াৰ পূৰ্বে ভুৱা ৱৰ্ক অৰ্ডাৰ উলিওৱা পংকজ দাস আৰু চিন্ময় সৰকাৰ নামৰ দুই প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিছিল ৷
উল্লেখ্য যে এই কেলেংকাৰীৰ উমান লাভ কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিত ধ্ৰুৱজ্যোতি দাসে অভয়াপুৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল ৷ সেই গোচৰৰ ভিত্তিতেই প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷