বঙাইগাঁও, 22 ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পাচনীয়া মোহনপুৰত শুকুৰবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । প্ৰায় ১৫ টা বাসগৃহ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি। স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা ৷
বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত 15 টা বাসগৃহ - বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ড
প্ৰায় ১৫ টা বাসগৃহ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।
![বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত 15 টা বাসগৃহ বিধ্বংসী অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6161056-617-6161056-1582336186369.jpg)
বিধ্বংসী অগ্নিকাণ্ড
জুইৰ লেলিহান শিখাই গাঁওখনৰ মজিবৰ ৰহমান, নুৰ ইছলাম, জমিৰ আলী, মহিৰ আলী, মণ্ডল শ্বেখৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত কৰে ৷ স্থানীয় ৰাইজে বহু চেষ্টা কৰিও জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ অপাৰগ হয় যদিও পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ৷
বিধ্বংসী অগ্নিকাণ্ড
লগতে পঢ়কঃ UPPLত যোগদান প্ৰমোদ বড়োৰ