অভয়াপুৰী,8 জুলাই :ৰাজ্যৰ বিভিন্ন প্ৰান্তত এম জি এনৰেগাৰ কামৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ প্ৰকাশিত হৈ অহাৰ সময়তে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে এম জি এনৰেগাৰ (MGNREGA) আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । উত্থাপিত অভিযোগ মতে গোলাপাৰা-বাংলাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোলাপাৰা 1 নং খণ্ডৰ কবৰস্থানৰ পৰা পাৰঘাটলৈ যোৱা পথত এম জি এনৰেগাৰ (MGNREGA)ৰ জৰিয়তে পথ নিৰ্মাণৰ কাম এটা হাতত লৈছিল ৷ কিন্তু সভানেত্ৰী গৰাকীৰ স্বামী আলতাবৰ মইমতালি তথা অযথা হস্তক্ষেপৰ কাৰণে আঁচনিখন পূৰ্ণ পৰ্যায়ত ৰূপায়ণ নকৰি, দুৰ্নীতি, অনিয়মৰে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ।
একাংশ ৰাইজে অভিযোগ কৰা মতে কামটো নিদিষ্ট ঠাইৰ পৰা আৰম্ভ নকৰি মাজৰ পৰা কাম আৰম্ভ কৰি ঠায়ে ঠায়ে অলপো কাম নকৰাকৈ থৈ দিয়া হৈছে । সভানেত্ৰী গৰাকীৰ স্বামীৰ এনে নিকৃষ্ট কামক লৈ স্থানীয় একাংশ লোক হতভম্ব হৈ পৰিছে । দুৰ্নীতি, অনিয়মৰ ক্ষেত্ৰত পঞ্চায়ত সচিবে পূৰ্ণ সহযোগ কৰিছে বুলি জানিব পৰা গৈছে ।