অসম

assam

ETV Bharat / state

মানিকপুৰত দমকলৰ পৰা নিৰ্গত হোৱা হালধীয়া পানীৰ আঁৰৰ ৰহস্য কি ?

আজিও ৰহস্য ভেদ নহ'ল বঙাইগাঁও জিলাৰ মানিকপুৰৰ ২ নং ধুপুৰীৰ গোপাল সৰকাৰ নামৰ মিস্ত্ৰীজনৰ বাসগৃহৰ দমকলৰ পৰা নিৰ্গত হোৱা হালধীয়া পানীৰ ৷ জন স্বাস্থ্য কাৰিকৰী বিভাগে পানীৰ নমুনা সংগ্ৰহ কৰিয়ে নিজৰ দায়িত্ব সামৰাৰ অভিযোগ কৰে গাঁওবাসীয়ে ৷

মানিকপুৰত দমকলৰ পৰা নিৰ্গত হোৱা হালধীয়া পানীৰ আঁৰৰ ৰহস্য কি ?
মানিকপুৰত দমকলৰ পৰা নিৰ্গত হোৱা হালধীয়া পানীৰ আঁৰৰ ৰহস্য কি ?

By

Published : Jun 20, 2021, 9:52 AM IST

বঙাইগাঁও, 20 জুন : আজিও ৰহস্য ভেদ নহ'ল বঙাইগাঁও জিলাৰ মানিকপুৰৰ হালধীয়া পানীৰ । ৰাইজৰ বহুবাৰ আহ্বানৰ পিছতহে পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল ৷ কিন্তু বৰ্তমানলৈকে দমকলৰ পৰা হালধীয়া পানী ওলোৱাৰ প্ৰকৃত কোনো তথ্য লাভ কৰা নহ'ল ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Welfare Department)ক বহুবাৰ জনায়ো কোনো সুফল নোপোৱাত ক্ষোভিত হৈ পৰিছে এতিয়া গাঁওবাসী ৷

উল্লেখ্য যে, বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ২ নং ধুপুৰীৰ গোপাল সৰকাৰ নামৰ মিস্ত্ৰীজনৰ বাসগৃহত সংঘটিত হৈছিল সচৰাচৰ নঘটা এক ঘটনা ৷ এই মিস্ত্ৰীজনৰ দমকলৰ পৰা সাধৰণতে ওলোৱা পানীৰ বিপৰীতে নিৰ্গত হৈ আছে হালধীয়া ৰঙৰ পানী ৷ যোৱা 5 জুন তাৰিখৰ পৰা বৰ্তমানলৈকে এনেদৰে নিৰ্গত হৈ আছে হালধীয়া পানী ৷

ইপিনে, বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতো কানসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Welfare Department)ৰ । পৰিয়ালটিৱে বহুবাৰ এই সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Welfare Department)ক অৱগত কৰে যদিও বিভাগটোৱে পানীৰ নমুনা সংগ্ৰহ কৰিয়ে নিজৰ দায়িত্ব সামৰে বুলি অভিযোগ কৰে স্থানীয় ৰাইজ তথা পৰিয়ালটিৱে ৷

মানিকপুৰত দমকলৰ পৰা নিৰ্গত হোৱা হালধীয়া পানীৰ আঁৰৰ ৰহস্য কি ?

অৱশ্যে ইটিভি ভাৰত (Etv Bharat)ৰ সাংবাদিক আব্দুল ছোবাহান আলীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বঙাইগাঁও জিলা জন স্বাস্থ্য কাৰীকৰী বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়াই উল্লেখ কৰে যে, বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছে । দমকলৰ পৰা ওলোৱা হালধীয়া পানী প্ৰাথমিকভাৱে পৰীক্ষা কৰিছো কিন্তু আইৰণৰ বাহিৰে কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য বা আৰ্ছেনিক জাতীয় কোনো বীজানুৰ সম্ভেদ পোৱা নাই ।

বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, পানীখিনি সন্দৰ্ভত কৰা আৰু দুটা পৰীক্ষা বাকী আছে ৷ বৰ্তমানলৈকে এই পৰীক্ষা দুটাৰ ফলাফল আহি পৰা নাই ৷ ফলাফলৰ অন্ততহে দমকলৰ পৰা হালাধীয়া পানী ওলোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ৷

সচৰাচৰ আইৰণ (Iron) আৰু অক্সিজেনৰ (oxygen) ৰাসায়নিক বিক্ৰিয়া (chemical reaction) ঘটি প্ৰস্তুত হোৱা 'ৰাষ্ট'(Rust) ৰ উপস্থিতিত পানীৰ ৰং হালধীয়া হয় ৷ কিন্তু বৰ্তমানলৈকে দমকলটোৰ পৰা হালধীয়া পানী নিৰ্গত হোৱাৰ কোনো বৈজ্ঞানিক তথ্য লাভ নকৰাত চিন্তিত হৈ পৰিছে গাঁওবাসী ৷

অন্য এক খবৰৰ বাবে:কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?

ABOUT THE AUTHOR

...view details