মানিকপুৰত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ - SEIZED
শুকুৰবাৰে মানিকপুৰত গেৰুকাবাৰী আৰক্ষীয়ে জব্দ কৰে 10 লাখ টকাৰ চেগুন কাঠ
মানিকপুৰ,29 জুনঃ বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গেৰুকাবাৰীত এখন অবৈধ কাঠ ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰে । জব্দকৃত ট্ৰাক খনৰ নম্বৰ AT 26 TD 5409 । উক্ত কাঠৰ গাড়ী খন ডিমাপুৰৰ পৰা শিলিগুৰিলৈ গৈ থকা অৱস্থাত গেৰুকাবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা গুৰুনানক নামৰ লাইন হোটেলত ৰখিছিল । সেই সময়তে গেৰুকাবাৰী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীনৱজ্যোতি ৰায়ে এক বিশেষ সূত্ৰৰ পম খেদি গাড়ীখন আটক কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত আটকাধীন ট্ৰাক খন মাণিকপুৰ আৰক্ষী থানালৈ আনি ধাৰা নং 160/19/ under section 420/379/44/34 IPC ধাৰাত এক গোচৰ ৰুজু কৰি কাঠসহ ট্ৰাকখন আৰক্ষীয়ে জিম্মাত ৰাখে । ট্ৰাকখনত বনচুম আৰু চেগুন কাঠ আছে ।