অসম

assam

ETV Bharat / state

মানিকপুৰত মানাহ নৈৰ খহনীয়া অব্যাহত - মানিকপুৰৰ ভাটিপাৰা

মাণিকপুৰত মানাহ নৈৰ খহনীয়াৰ কৱলত মথাউৰি আৰু পথ । কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ ৷ বিভাগীয় কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধৰ বাবে অচিৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজৰ দাবী ৷

Manikpur Manash River Erotion
মানিকপুৰত মানাহ নৈৰ খহনীয়া অব্যাহত

By

Published : Jun 22, 2021, 10:36 PM IST

অভয়াপুৰী, 22 জুন : বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত মানিকপুৰৰ ভাটিপাৰা-পাতিলাদহা সংযোগী পথৰ বৰবিলা গাঁৱৰ পশ্চিম দিশে থকা মানাহ নৈৰ পাৰৰ মথাউৰি পথটোৰ এটা অংশ গৰা খহনীয়াৰ কৱলত পৰি যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ দিশে । আজিৰ পৰা প্ৰায় পোন্ধৰ মান আগতে বঙাইগাঁও জিলা পৰিষদৰ বি আৰ জি এফ আঁচনিৰ জৰিয়তে মাণিকপুৰ গাওঁ পঞ্চায়ত আৰু নোৱাপাৰা গাওঁ পঞ্চায়তৰ সিমাইদি প্ৰায় তিনি কিলোমিটাৰ মথাউৰী নিৰ্মাণ কৰিছিল যদিওঁ অতি নিন্ম মানৰ কাম হোৱা হোৱা বাবে মথাউৰীটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰে ।

মানিকপুৰত মানাহ নৈৰ খহনীয়া অব্যাহত

আজি কিছু বছৰ ধৰি মানাহ নদীয়ে কালৰূপ ধাৰণ কৰাত মথাউৰীটো গৰাখহনীয়াৰ কৱলত পৰে । যাৰ ফলত মথাউৰীৰ কাষৰে থকা বহু কেইটা পৰিয়াললৈ ভাবুকিৰ সৃষ্টি হৈছে । এই মথাউৰিৰ প্ৰায় এক কিলোমিটাৰ দূৰত্বতে মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় থকা স্বত্বেও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই খণ্ড উন্নয়ন বিষয়াই ।

খহনীয়া প্ৰতিৰোধৰ বাবে সমাগত বাৰিষাৰ পূৰ্বে পাৰ্কুপাইনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে হয়তো সম্পূৰ্ণৰূপে পথটোৰে যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ লগতে কেবাটাও বাসগৃহ নৈৰ বুকুত বিলীন হৈ পৰাৰ শংকা প্ৰকাশ কৰিছে ৰাইজে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধৰ বাবে অচিৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :সমষ্টিৰ বান-খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ABOUT THE AUTHOR

...view details